অসম

জুৰীয়াৰ এগৰাকী যুৱতীৰ প্ৰশংসনীয় পদক্ষেপ, এশ পৰিয়ালৰ মাজত কম্বল বিতৰণ

সংবাদদাতা, জুৰীয়া:- ৰাজ্যত হঠাৎ পৰিল অত্যধিক ঠাণ্ডা, এই ঠাণ্ডাৰ প্ৰকোপ দুখীয়া দৰিদ্ৰই অনুভৱ কৰিছে এই ঠাণ্ডা যে কিমান কষ্টকৰ। এই হাড় কপোৱা ঠাণ্ডা প্ৰতিৰোধ কৰিবলৈ বহুতৰে নাই তুলি, কম্বল অথবা গৰম কাপোৰ। এই সকলক অলপ সকাহ দিয়াৰ উদ্দেশ্য লৈ জুৰীয়াৰ অঞ্চলৰ দৰিদ্ৰ লোক সকলৰ কাষত এগৰাকী যুৱতী বিতৰণ কৰিলে কম্বল। হয় যুৱতী গৰাকী জুৰীয়াৰ ফাৰহানজ নাচৰিন ( জিনী) যুৱতী গৰাকীয়ে নিজা প্ৰচেষ্টাত জুৰীয়াৰ শিঙিয়া পথাৰ আৰু বৰণগুৰি গাঁৱৰ এশ দৰিদ্ৰ পৰিয়ালক বিতৰণ কৰিলে কম্বল। দৰিদ্ৰ লোক সকলক কম্বল বিতৰণ কৰি যুৱতী গৰাকীয়ে কয় যে, আগন্তুক দিনত তেওঁ যাতে এনেধৰেই আৰ্ত জনক আৰু সহায় আগবঢ়াব পাৰে তাৰ বাবে আশীৰ্বাদ বিচাৰে। লগতে চৰকাৰ তথা দল-সংগঠন আৰু জনসাধাৰণক অনুৰোধ জনায় সকলোৱে যাতে এনে দৰিদ্ৰ লোক সকলৰ প্ৰতি সু-দৃষ্টি নিক্ষেপ কৰি সহায়ৰ হাত আগবঢ়ায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: