অসম

জৈৱ-বৈচিত্ৰ সংৰক্ষণ কৰিব নোৱাৰিলে আমি আগবাঢ়ি যাব নোৱাৰিম

পুৰণিগুদাম ড' বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় বঁটা গ্ৰহণ কৰি প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্ত

সংবাদদাতা, পুৰণিগুদাম:- বিৰিঞ্চি কুমাৰ বৰুৱাৰ দৰে মহান ব্যক্তিৰ নামত এখন মহাবিদ্যালয় স্থাপন হোৱাটো আমাৰ বাবে গৌৰৱৰ কথা। সেয়ে এইগৰাকী মহান ব্যক্তিৰ চেতনাক আমি এই মহাবিদ্যালয়ৰ জৰিয়তে আগুৱাই নিব লাগিব। এই মন্তব্য বিশিষ্ট প্ৰকৃতিবিদ-লেখক সৌম্যদ্বীপ দত্তৰ। যোৱা 22 ডিচেম্বৰত পুৰণিগুদাম ড’ বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা অষ্টম দ্বি-বাৰ্ষিক ড’ বিৰিঞ্চি কুমাৰ বৰুৱা স্মাৰক বক্তৃতানুষ্ঠান আৰু বিৰিঞ্চি কুমাৰ বৰুৱা মহাবিদ্যালয় বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকি তেওঁ আৰু কয়, এই পৃথিৱীত মানুহ সকলোতকৈ শেষত অহা জাতি। অনুজীৱ, পৰজীৱ, জীৱ-জন্তু, গছ-গছনি মানুহতকৈ বহুত আগত অহা। বহু বছৰ ধৰি এইবোৰৰ দ্বাৰা প্ৰকৃতিত সংৰক্ষণ হৈ থকা বস্তুৰ ওপৰত মানুহে বহুত পিছত আহি ভোগ কৰিছে। সেয়ে মানুহে সকলো নিজে কৰা বুলি কোৱাটো উচিত নহয়। মানুহে যি সৃষ্টি কৰিছে সেয়া প্ৰকৃতিৰ পৰা পোৱা বস্তু ৰূপান্তৰ কৰিহে কৰা হৈছে। সেয়ে মানুহ ৰূপান্তৰৰহে শিল্পী সৃষ্টিকৰ্তা বুলি অহংকাৰ কৰি লাভ নাই। মহাবিদ্যালয়খনৰ অধ্যক্ষ ড’ নৃপেন চন্দ্ৰ দাসৰ সভাপতিত্বত অনুষ্ঠিত হোৱা বঁটা প্ৰদান অনুষ্ঠানত এইবাৰ মহাবিদ্যালয়ৰ বঁটাৰ বাবে সৌম্যদ্বীপ দত্তক নিৰ্বাচিত হোৱাৰ পিছত আজি বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত হোৱাৰ লগতে তেওঁ “জৈৱ বৈচিত্ৰ্যৰ প্ৰয়োজনীয়তা আৰু অসমৰ সমাজ জীৱনত ইয়াৰ প্ৰভাৱ” শীৰ্ষক বক্তৃতা প্ৰদান কৰিবলৈ বিশিষ্ট ব্যক্তি হিচাপে উপস্থিত হৈ আৰু কয়, আমি টকা দেখুৱাই গৌৰৱ কৰি লাভ নাই। যদি জৈৱ-বৈচিত্ৰ্য নাথাকে তেনেহ’লে টকাৰ প্ৰয়োজন নাই। কিয়নো জৈৱ-বৈচিত্ৰ্যই আমাক শাক- পাচলি, মাছ-মাংস, চাউল আদি সকলো দিছে। সেয়ে আমি জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ কৰাত গুৰুত্ব দিব লাগে। সংৰক্ষিত বনাঞ্চল সমূহ অভয়াৰণ্য হোৱাটো প্ৰয়োজন। এনে কৰিলেহে বনাঞ্চলত থকা জৈৱ-বৈচিত্ৰ্য সংৰক্ষণ হ’ব। মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ড’ কমল শইকীয়াই আঁট ধৰা সভাখনত মহাবিদ্যালয়ৰ আলোচনী “কৰ্ষণ” আৰু “খবৰনামা” উন্মোচন কৰে মহাবিদ্যালয় খনৰ প্ৰাক্তন অধ্যক্ষ ড’ ভূপেন শইকীয়াই। সভাৰ আৰম্ভণীতে অনুষ্ঠানটোৰ আঁট ধৰে অধ্যাপিকা আফছানা পাৰবীনে। উপাধ্যক্ষ ড° কমল শইকীয়াই বিশিষ্ট ব্যক্তিগৰাকীৰ পৰিচয় দাঙি ধৰা লগতে বক্তৃতাৰ বিষয়বস্তুৰ ওপৰত আলোকপাত কৰে। অনুষ্ঠানৰ আৰম্ভণিতে বিৰিঞ্চি কুমাৰ বৰুৱাৰ প্ৰতিচ্ছবিত এগছি বন্তি প্ৰজ্বলন কৰে পৰিচালনা সমিতিৰ সভাপতি পুলিন হাজৰিকাই। শলাগ জ্ঞাপন কৰে গ্ৰন্থগাৰিক জুলি ঠাকুৰীয়াই। সৌম্যদ্বীপ দত্তই স্মাৰক বক্তৃতা প্ৰদান কৰি জৈৱ-বৈচিত্ৰ্যৰ দৰ্শন আৰু ইয়াৰ পৰিপুষ্টিৰ লগতে সংৰক্ষণৰ ওপৰত পৃথিৱীত মানুহৰ সুৰক্ষা নিৰ্ভৰ কৰা কথা দোহাৰে। অৰ্থনৈতিকভাৱে সমাজত সমতা স্থাপন হোৱাটো হয়তো প্ৰায় অসম্ভৱ কিন্তু মানসিক চিন্তা আৰু ভাবনাত সমতা স্থাপন হ’ব পাৰে। তেনে এক পৰ্যায়তহে পাৰিপাৰ্শ্বিক ভাৰসাম্য ৰক্ষা হ’ব আৰু মানুহ সমন্বিতে সকলো জড়-চৈতন্য জীৱৰ সমৃদ্ধি সম্ভৱ হ’ব। প্ৰকৃতিবিদ সৌম্যদ্বীপ দত্তক বঁটা প্ৰদান কৰাত উপস্থিত ৰাইজে মহাবিদ্যালয় কৰ্তৃপক্ষৰ শলাগ লৈছে। মহাবিদ্যালয়ৰ অধ্যাপিকা সীমা সবিতা দাসকে ধৰি কেইবাগৰাকী ছাত্ৰ-ছাত্ৰীয়ে সত্ৰীয়া নৃত্য পৰিবেশন কৰি উপস্থিত সকলোকে মুগ্ধ কৰে। সভাখনত মহাবিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি পুলিন হাজৰিকা, প্ৰাক্তন অধ্যক্ষ মৃদুল শইকীয়া, প্ৰাক্তন অধ্যাপক তথা প্ৰাক্তন মন্ত্ৰী গিৰিন্দ্ৰ কুমাৰ বৰুৱা আৰু বিশিষ্ট শিক্ষাবিদ ফণীন্দ্ৰ নাথ গায়নে ভাষণ প্ৰদান কৰে। সভাত মহাবিদ্যালয়খনৰ অধ্যাপক-অধ্যাপিকা, ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় বিশিষ্ট ব্যক্তিসকল আৰু সৌম্যদ্বীপ দত্তৰ পত্নী তথা কানৈ মহাবিদ্যালয়ৰ নৃতত্ত্ব বিভাগৰ অধ্যাপিকা মৰমী তালুকদাৰ, পুত্ৰ আকাশদ্বীপ দত্ত উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: