ঝাৰগাঁও গোসাঁই পুখুৰী মীন মহল সমিতিৰ সংবাদমেল সম্বোধন

সংবাদদাতা, টংলা:- ওদালগুৰি জিলা খৈৰাবাৰী ৰাজহ চক্ৰৰ অন্তৰ্গত ঝাৰগাঁও গাছবাৰীস্থিত ঝাৰগাঁও গোসাঁই পুখুৰিত ১৯৮৮ চনৰ পৰাই ঝাৰগাও গোসাঁই পুখুৰী মীন মহল সমিতি গঠন কৰি ১৯৯২-৯৩ চনত সমিতিখন নাম পঞ্জীয়ন কৰি ঝাৰগাঁও গোসাঁই পুখুৰীত অঞ্চলটোৰ প্ৰায় পাঁচখনকৈ গাঁৱৰ ৰাইজে মিলিজুলি মীন পালন কৰি অঞ্চলটোৰ সাংস্কৃতিক, অৰ্থনৈতিক, আৰু শৈক্ষিক দিশত উদগনি যোগাই আহিছে। কালক্ৰমত অঞ্চলটোৰ কেইগৰাকীমান দুষ্ট চক্ৰন্তাৰ ৰাজনৈতিক নেতা-পালিনেতাই ২০১৪ চনত গোসাঁই পুখুৰীটোৰ নামত এখন অবৈধভাৱে নতুন সমিতি গঠন কৰি পুখুৰিটো ৰাইজৰ পৰা কাঢ়ি লোৱাৰ ষড়যন্ত্ৰৰে বিভিন্ন ধৰণৰ কুট নীতি চলাই আহিছে আৰু দুই পক্ষৰ মজত কেছ চলি আছিল। তেনেতে অবৈধ পক্ষৰ নেতা-পালিনেতা সকলে বৰ্তমান বিটিআৰ চৰকাৰ খনৰ শক্তি প্ৰয়োগ কৰি, পূৰ্বৰ সমিতিখনক অধিকাৰৰ পৰা বঞ্চিত কৰি যোৱা ২৭ জানুৱাৰী দিনা বিটিআৰ চৰকাৰৰ সহযোগত অবৈধ সমিতিখনে গোসাঁই পুখুৰিটোৰ নামত আৱণ্টন লৈ আহিছে। বৰ্তমান যাকলৈ অঞ্চলটোৰ পাঁচখন গাঁৱৰ আৱেগ শ্ৰম, স্মৃতি জড়িত হৈ থকা পূৰ্বৰ সমিতিখনে চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষৰ প্ৰতি ক্ষোভিত হৈ পৰে। তাৰ পৰিপেক্ষিত আজি সংবাদমেল সম্বোধন কৰি, বিটিআৰ চৰকাৰ তথা বিভাগীয় কৰ্তৃপক্ষক পুনৰ ভালদৰে তদন্ত কৰি সঠিকভাৱে সিধান্ত লবৰ বাবে আহ্বান জনোৱাৰ লগতে বিটিআৰ চৰকাৰ তথা মূৰব্বী প্ৰমোদ বড়োক তীব্ৰ সমালোচনা কৰে। আনহাতে বিটিআৰ মুৰব্বী প্ৰমোদ বড়োক কঠোৰ সকিয়নী দি সঠিক তদন্ত কৰি আৱণ্টন দিবলৈ আহ্বান জনায়, অন্যাথা অনাগত দিনত ৰক্তাক্ত পৰিৱেশৰ সৃষ্টি হ’লে জগৰীয়া বিটিআৰ চৰকাৰে দায়ী হ’ব বুলি প্ৰকাশ কৰে ৰাইজে।