অসম

টংলাতো মাইক্ৰ’ফাইনাঞ্চ ঋণ মাফৰ বাবে মহিলাৰ প্ৰতিবাদ

সংবাদদাতা, টংলা : বিশ্বজুৰি ক’ভিড-১৯ অতিমাৰীৰ ভয় আতংকক নেওচি ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰৰ দৰে ওদালগুৰি জিলাৰ টংলা অঞ্চলটো  এচাম মহিলা  বহুবল্কী মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত ১৭জুন তাৰিখে খঙত  অগ্নিশৰ্মা হোৱা দেখা গৈছে। বিগত বিধানসভা নিৰ্বাচনত ৰাজ্যখনৰ প্ৰভাৱশালী,

বহুবল্কী মন্ত্ৰী তথা বৰ্তমান চৰকাৰৰ নতুন মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই নিৰ্বাচনী প্ৰতিশ্ৰুতি দি মহিলা সকলৰ পৰা আস্থাভাজন হৈ ভোট আদায় কৰিবলৈ সক্ষম হৈছিল। কিন্তু মুখ্যমন্ত্ৰী হৈ দিছপুৰৰ মছনদত আসন শুৱনি কৰা হিমন্ত বিশ্ব শৰ্মা ই মাইক্ৰ’ফাইনাঞ্চ ঋণ মাফ দিম বুলি কোৱা কথা যে ভুৱা প্ৰতিশ্ৰুতি আছিল, সেয়া উপলব্ধি কৰিব ধৰিছে মহিলাসকলে।

সেয়ে আজি টংলা অঞ্চলৰ গাঁৱে ভূঞে থকা মহিলাসকলে একগোট হৈ বৰ টংলা মধ্য ইংৰাজী বিদ্যালয় প্ৰাংগণত এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি কয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া,আমাক ঋণ মাফ দিবই লাগিব নহলে আমি ৰাজপথত আন্দোলন কৰিবলৈ বাধ্য হ’ম।মুখ্যমন্ত্ৰী মহোদয়ে মিঠা প্ৰতিশ্ৰুতি সমূহ পূৰণ কৰিব পাৰিবনে সেইটো কৌটিটকীয়া প্ৰশ্ন হৈ পৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: