অসম

টংলাত অক্সজিলিয়াম কনভেণ্ট চৌহদত মেট্ৰিকৰ সঠিক মূল্যায়নৰ দাবীত শিক্ষাৰ্থীৰ প্ৰতিবাদ

সংবাদদাতা, টংলা:- সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ  ফলাফলত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰি  বুধবাৰে ওদালগুৰি জিলাৰ অন্তৰ্গত টংলাস্থিত অক্সিজিলিয়াম কনভেণ্ট হাইস্কুল চৌহদত প্ৰচণ্ড গৰমকো নেওচি ছাত্ৰ-ছাত্ৰী আৰু অভিভাৱক সকলে আমাক ন্যায় লাগে, শিক্ষাৰ সঠিক মূল্যায়ন হোৱা নাই, অক্সিজিলিয়াম কনভেণ্ট হায় হায় ইত্যাদি শ্লোগানেৰে হাতে হাতে প্লে’ কাৰ্ড লৈ পৰিৱেশ উত্তাল কৰি তোলে।

বিদ্যালয়খনৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈ মাত্ৰ এক নম্বৰৰ বাবে গণিত বিষয়ত অনুতীৰ্ণ ১৬ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিদ্যালয় কৰ্তৃপক্ষ, শিক্ষা বিভাগ তথা ক’ভিডকালীন পৰিস্থিতিৰ বাবে হাইস্কুল শিক্ষান্ত পৰীক্ষা পাতিবলৈ সক্ষম নোহোৱা শিক্ষা বিভাগে যি পদ্ধতিৰে পৰীক্ষাৰ মূল্যাংকন কৰিলে তাৰ  ওপৰত আমি ধিক্কাৰ দিয়াৰ উদ্দেশ্য আজি প্ৰতিবাদ সাব্যস্ত কৰিবলৈ বাধ্য হৈছো বুলি সাংবাদিকক শিক্ষাৰ্থী কেইগৰাকীয়ে জানিবলৈ দিয়ে।

ছাত্ৰ-ছাত্ৰীসকলে কয় আমাক ন্যায় প্ৰদান কৰিব লাগিব। আমাক যি মানসিক অত্যাচাৰ কৰিছে তাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষ আৰু শিক্ষা বিভাগ জগৰীয়া হ’ব। আনহাতে অভিভাৱক সকলেও কয় এই মেধাবী ছাত্ৰ বা ছাত্ৰীসকলক অন্যায় ভাৱে মাত্ৰ এক নম্বৰৰ বাবে অনুতীৰ্ণ কৰাই দিয়া কাৰ্যক আমি সহজভাৱে মানি লব পৰা নাই। তেওঁলোকৰ হকে আমি ন্যায় বিচাৰিছো।

আমাক ন্যায় প্ৰদান কৰক। বিদ্যালয় কৰ্তৃপক্ষই অভিভাৱক সকলৰ সৈতে আলোচনা বা কথা পাতিব নিবিচাৰে। বৰ দুৰ্ভাগ্যজনক বিষয়টো। শিক্ষা বিভাগ নতুবা বিদ্যালয় কৰ্তৃপক্ষই কি প্ৰত্যুত্তৰ দিয়ে, ন্যায় প্ৰদান কৰিবনে ছাত্ৰ ছাত্ৰী বা অভিভাৱক সকলক আজিৰ তাৰিখত লক্ষণীয় হৈ পৰিছে। সচেতন নাগৰিক সকলেও বিদ্যালয় কর্তৃপক্ষক উচিত বিচাৰ কৰিবলৈ দাবী জনাইছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: