অসম

টংলাত আপকু ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সভা আৰু সম্বৰ্ধনা অনুষ্ঠান

সংবাদদাতা, টংলা:- আসাম প্ৰেছ ক’ৰেছপণ্ডেণ্টছ ইউনিয়ন চমুকৈ আপকু ওদালগুৰি জিলা সমিতিৰ সাধাৰণ সভা আৰু সম্বৰ্ধনা অনুষ্ঠানখন আজি টংলা শতদল সাহিত্য সভা ভৱনত দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায়। উক্ত দিনৰ কাৰ্যসূচী মতে পুৱা ১০ বজাত প্ৰতিনিধি সভা উদ্বোধন কৰে আপকু ওদালগুৰি জিলা সমিতিৰ উপদেষ্টা ইমৰান হুছেইনে, ১১ বজাত অনুষ্ঠিত হয় বিষয় বাছনি সভা, ১২ বজাত মুকলি সভা আৰু সম্বৰ্ধনা অনুষ্ঠান সঞ্চালন কৰে আপকু ওদালগুৰি জিলা সমিতিৰ সভাপতি গিৰীশ শৰ্মাই, উক্ত অনুষ্ঠানখন উদ্বোধন কৰে বি টি চিৰ কাৰ্যবাহী সদস্য দাউবৈছা বড়োয়ে, “সাম্প্ৰতিক সাংবাদিকতা কোন দিশে” বিষয় ওপৰত বক্তৃতা প্ৰদান কৰে জ্যেষ্ঠ সাংবাদিক গায়ত্ৰী ভট্টৰায়ে। আজি অনুষ্ঠানটোতে সাংবাদিক বাপন শৰ্মা, দিগন্ত শৰ্মা, ৰবিৰাম বড়ো, গায়ত্ৰী ভট্টৰায়, ইমৰান হুছেইন, দীপক ডেকা, প্ৰফুল্ল বড়ো, নৱ কুমাৰ ডেকা, ধীৰেন মহলীয়া, উজ্জ্বল কুমাৰ দাস, দ্বীপেন ডেকা, ধ্ৰৱপ্ৰসাদ চহৰীয়া, গিৰিশ শৰ্মা, নাৰায়ণ ডেকা, গৌতমজ্যোতি তালুকদাৰক সম্বৰ্ধনা জনোৱা হয়। আনহাতে আপকুৰ পুৰণা কমিটিখন ভঙ্গ কৰি আজি দীপক ডেকাক সভাপতি, ফটিক ৰাভাক সম্পাদক, নাৰায়ণ ডেকা, ধীৰেন মহলীয়াক উপ সভাপতি, অৰূপ বড়ো, অমৰজ্যোতি ৰাভা, ছাজিদ খানক সহ: সম্পাদক, নৱ কুমাৰ ডেকাক কাৰ্যকৰী সভাপতি, প্ৰফুল্ল বড়ো, উজ্জ্বল কুমাৰ দাসক সাংগাঁথনিক সম্পাদক, দ্বীপেন ডেকাক পত্ৰিক সম্পাদক আৰু প্ৰাণজিত মহন্ত, বিপুল হাজৰিকাক সদস্য হিচাপেলৈ নতুন কমিটিখন গঠন কৰা হয়। আনহাতে অনুষ্ঠান খনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে ক্ৰমে ওদালগুৰি জিলা সাহিত্য সভাৰ সভাপতি হৰেশ্বৰ কলিতা, টংলা সাহিত্য সভাৰ সভাপতি গৌৰীশংকৰ দাস, জ্যেষ্ঠ সাংবাদিক গৌতমজ্যোতি তালুকদাৰ, টংলা সাহিত্য সভাৰ সম্পাদক দিবাকৰ বৰাই।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: