অসম

টংলাত ওদালগুৰি জিলা চাইল্ড লাইনৰ উদ্যোগত ছাত্র-ছাত্ৰীৰ মাজত প্ৰেৰণামূলক অনুষ্ঠান

সংবাদদাতা, টংলা:- টংলাত ওদালগুৰি জিলা চাইল্ড লাইনৰ উদ্যোগত ৰ’জ শিশু গৃহৰ ছাত্র-ছাত্ৰীৰ মাজত এটি প্ৰেৰণা মূলক অনুষ্ঠান অনুষ্ঠিত হৈ যায়।আনহাতে সমগ্ৰ দেশৰ লগতে সংগতি ৰাখি ৰবিবাৰে ওদালগুৰি জিলা চাইল্ড লাইনৰ উদ্যোগত ৭৫ সংখ্যাক স্বাধীনতা দিৱসটি টংলাস্থিত ৰ’জ এন জি অৰ প্ৰাংগণত অনুষ্টুপিয়াকৈ উদযাপন কৰা হয়।

চাইল্ড লাইনৰ কর্মী অৰূপ বড়োয়ে আঁত ধৰা অনুষ্ঠানত ৰাতিপুৱা ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে চাইল্ড লাইনৰ সমন্বয়ক ৰস্মিতা বৰগয়াৰীয়ে পেৰেড পৰিচালনা কৰে চি চি আইৰ কর্মী শ্যামন্ত ৰাভাই। ৰ’জ শিশু গৃহৰ ল’ৰা-ছোৱালীৰ মাজত গীত মাত অনুষ্ঠানও আনুষ্টুপিয়াকৈ অনুষ্ঠিত হয়। সাংস্কৃতিক অনুষ্ঠানৰ আগমুহূৰ্ত চাইল্ড লাইনৰ পৰিচালক ললিত বড়োয়ে স্বাধীনতা দিৱসৰ

প্ৰাসংগিকতা আৰু শিশুৰ সুৰক্ষাৰ, জীৱন লক্ষ্য ওপৰত ব্যক্ত প্ৰদান কৰে। লগতে অনুষ্ঠানকোৰ সভাপতি যোগেশ বৰাই ছাত্ৰ-ছাত্ৰীৰ মাজত প্ৰেৰণা মূলক ব্যক্ত ৰাখি কয় যে- আজিৰ শিশু কাইলৈ দেশৰ ভবিষ্যত। আমি আমাৰ শিশু সকলক গঢ় দিব পাৰিলে সমাজ খনক গঢ় দিয়া হব।বৰ্তমান শিশু সৰবৰাহ চক্ৰ উঠি পৰি লাহিছে, আমি সিহঁতক মুখীমূৰ কৰিব লাগিব।

বহু ক্ষেত্ৰত আৰ্থীক দুৰ্বলতাৰ সুযোগ লৈ বহি দেশত শিশু বিক্ৰী হৈ আহিছে,এই ক্ষেত্ৰত নিজৰ ঘৰ খনৰ লগতে সমাজ খন সজাগ সচেতন হব লাগিববুলি কয়।উক্ত অনুষ্ঠানতোত পৰিচালক ললিত বড়ো, সভাপতি যোগেশ বৰা লগতে অঙ্গনাবাদীৰ কর্মী, চি চি আইৰ চুপাৰিয়েণ্ডেণ্ট হীৰামণি ৰাভা, মাডাৰ যাচিন্তা লগুণ, সহকৰ্মী প্ৰণীতা ডেকা, মইনা দৈমাৰীৰ লগতে চাইল্ড লাইনৰ কর্মী অনচুলা মোচাহাৰী, হেমন্ত বড়ো, হিমাক্ষী ৰাভা, ভূমিতা ৰাভাই উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: