অসম

টংলাত গ্ৰন্থমেলা সন্দৰ্ভত ৰাজহুৱা সভা

প্ৰজন্মই পাঠ্যপুথিৰ বাহিৰে অন্য কিতাপ দেখা নাই : ঘতেশ্বৰ বৰুৱা

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ অন্তৰ্গত শৈক্ষিক নগৰী টংলাত শৈক্ষিক বাতাবৰণ সৃষ্টি কৰাৰ উদ্দেশ্যে আজি এনাজৰী এক নীৰৱ বান্ধোনৰ আহ্বান মৰ্মে টংলাস্থিত টংলা শতদল সাহিত্য সভা ভৱনত গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত ৰাজহুৱা সভা এখন অনুষ্ঠিত হয় যায়। সংবাদকৰ্মী ফটিক ৰাভাই আঁত ধৰা অনুষ্ঠান খনত সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে স্বেচ্ছাসেৱী অনুষ্ঠান “এনাজৰী এক নীৰৱ বান্ধোন”ৰ সভাপতি কনকসেন ডেকাই। টংলা শতদল সাহিত্য সভাৰ সভাপতি গৌৰীশংকৰ দাসে সভাপতিত্বত কৰা অনুষ্ঠানখনত গ্ৰন্থমেলা অনুষ্ঠিত কৰাৰ সন্দৰ্ভত বহুকেইটা দিশৰ ওপৰত আলোচনা কৰা হয়। সভাত অৱসৰপ্ৰাপ্ত শিক্ষাবিধ ঘনকান্ত ডেকাই গ্ৰন্থমেলাৰ জৰিয়তে সাহিত্য সৃষ্টি কৰিব পৰা যাব বুলি মতপোষণ কৰে। আনহাতে টংলা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী অধ্যাপক ঘতেশ্বৰ বৰুৱাই কয় যে- বৰ্তমান আমাৰ প্ৰজন্মই পাঠ্যপুথিৰ বাহিৰে অন্য কিতাপ দেখা নাই, গ্ৰন্থমেলাৰ প্ৰয়োজন আছে। আজিৰ সভাতেই আগন্তক হব লগা গ্ৰন্থমেলাৰ বাবে ঘতেশ্বৰ বৰুৱাক সভাপতি, নবজিৎ দাসক কাৰ্যকৰী সভাপতি, জতিন ডেকা, প্ৰমোদ হাজৰিকা, জ্ঞানেন্দ্ৰ কুমাৰ চলিহা, পংকজ শৰ্মা, মোহন শৰ্মা, হেমন্ত বৰা কোচক উপ সভাপতি, দিবাকৰ বৰাক সম্পাদক, চিন্ময় শৰ্মা, কনকসেন ডেকা, নয়নজ্যোতি ডেকা, তিলকলোচন বাৰাক সহ: সম্পাদক, পাৰ্থপ্ৰতিম পাঠক, প্ৰাঞ্জল ডেকাক সাংস্কৃতিক বিভাগত, গৌৰীশংকৰ দাস, ঘন ডেকা, চৈয়দ ফিজুল হক, প্ৰফুল্ল বৰুৱা, ডঃ কুসুম গোস্বামীক উপদেষ্টা, ফটিক ৰাভা, কল্যাণ ৰাভাক সাহিত্য বিভাগত আৰু কৃষ্ণ ডেকা, সুনন্দ নাৰ্জাৰীক পোহৰ বিভাগৰ বিষয়া হিচাপেলৈ এখন উদযাপন কমিটি গঠন কৰা হয়। উক্ত সভাত উপস্থিত থাকে ক্ৰমে- মোহন শৰ্মা, জ্ঞানেন্দ্ৰ কুমাৰ চলিহা, প্ৰাঞ্জল ডেকা, ঋতুপৰ্ণ শইকীয়া, কৃষ্ণ ডেকা, নবজিৎ দাস, হেমন্ত বৰা কোচ, প্ৰফুল্ল বৰুৱা, চৈয়দ ফিজুল হক, কুসুম কুমাৰ গোস্বামী, দিবাকৰ বৰা, সুনন্দ কুমাৰ নাৰ্জাৰী, কিৰণ ডেকা, পংকজ কুমাৰ শৰ্মা, পাৰ্থপ্ৰতিম পাঠক, কল্যাণ ৰাভা, অনুপমা দেৱী, ৰাধাৰাণী বড়ো, ৰিতিকা দাস, নয়নজ্যোতি ডেকা, তিলক বৰা, চিন্ময় শৰ্মা, অৰূপ বড়ো, ৰাজীৱ ৰাভা আৰু হেমেন শইকীয়াই উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: