টংলাত বিহু বিচাৰকৰ সমাৱেশ

সংবাদদাতা, টংলা:- বিহু সুৰক্ষা সমিতি ওদালগুৰি জিলাৰ উদ্যোগত টংলাস্থিত শ্বহীদ ভৱনত আজি এখন ”বিহু বিচাৰকৰ সমাৱেশ” অনুষ্ঠিত হয় যায়। সমাৱেশখনত জিলাখনৰ টংলা, পানেৰী, ডিমাকুচি, খৈৰাবাৰী, ওদালগুৰি মাজবাট, ওৰাং, কলাইগাওঁ, বেংবাৰী, ৰৌতা আদি বিভিন্ন ঠাইৰ পৰা অহা কেইবাজনো বিচাৰকে অংশগ্ৰহণ কৰে। অনুষ্ঠানটোত বিহু বিচাৰক সকলে বিচাৰ কৰাৰ সময়ত কি কি কথাৰ প্ৰতি গুৰুত্ব দিব লাগে সেই বিষয়ে আলোকপাত কৰাৰ লগতে বিচাৰকসকলে সততে সম্মুখিন হোৱা বিভিন্ন সমস্যাৰ বিষয়েও আলোচনা কৰা হয়। ওদালগুৰি জিলা বিহু বিচাৰক সমিতিৰ উপদেষ্টা বিশিষ্ট বিচাৰক মনোৰঞ্জন শৰ্মাই সঞ্চালন কৰা সভাত উদ্দেশ্য ব্যাখ্যা কৰে সম্পাদক অপূৰ্ব ডেকাই। সমল ব্যক্তিৰূপে বক্তব্য ৰাখে কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মিঠু বড়ো আৰু জিলাৰ উপদেষ্টা দুলাল কুমাৰ বৰুৱাই। বিচাৰক সকলৰ বিভিন্ন প্ৰশ্নৰ উত্তৰ দিয়াৰ লগতে মতামত প্ৰদান কৰে জিলাৰ উপদেষ্টা ৰনজিৎ দাস আৰু জিলাৰ সভাপতি নৱজিৎ দাসে। সভাত বিহু সুৰক্ষা সমিতিৰ নিয়মাৱলী অনুসৰি বিহু নাচৰ প্ৰধান ভংগিমা সমূহ প্ৰদৰ্শন কৰে জিলাৰ সাংস্কৃতিক সম্পাদক প্ৰাঞ্জল ডেকা আৰু প্ৰশিক্ষণ প্ৰাপ্ত বিহুৱতী দিশামণী বৰ্মনে। শলাগৰ শৰাই আগবঢ়াই জিলাৰ সহকাৰী সম্পাদক সম্পাদক দেৱজিৎ ৰাভাই। সভাত সদৌ অসম ছাত্ৰ সন্থাৰ উপসভাপতি জয়ন্ত কুমাৰ ভট্টাচাৰ্যো উপস্থিত থাকে।