অসম

টংলাত ৰাভা শিল্পী আৰু লেখক মঞ্চ, অসমৰ উদ্যোগত এটা দুটা তিতা মিঠা কথা ফাঁকে ফাঁকে কবিতাৰ অনুষ্ঠান

সংবাদদাতা, টংলা:- বিষ্ণু প্ৰসাদ ৰাভাৰ সমান আদৰ্শ পুৰুষ ক’তো দেখা নাই৷ এনেকুৱা এটা দিশ নাই য’ত বিষ্ণু ৰাভা নাই৷ ইমান প্ৰতিভাসম্পন্ন ব্যক্তি গৰাকীৰ উচিত মূল্যায়ন আজিও নহ’ল৷ বিষ্ণু ৰাভাৰ মাজত সমস্ত ৰূপ দেখা পাওঁ ৷ ৩১জুলাই তাৰিখে টংলা আলিকাশ গাঁৱৰ এভাৰগ্ৰীণ নাৰ্চাৰীত অনুষ্ঠিত ৰাভা শিল্পী আৰু লেখক মঞ্চ, অসমৰ উদ্যোগত অনুষ্ঠিত এক মনোজ্ঞ আলোচনাত অংশগ্ৰহণ কৰি এই মন্তব্য কৰে বিশিষ্ট গল্পকাৰ টংলা মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক জয়ন্ত চক্ৰৱৰ্তীয়ে৷

তেখেতে আৰু কয় শিল্পী বা লেখক সকলে যে সফলতা অৰ্জন কৰিছে বা মানুহ এনে নহয় আজি তৰুণ চন্দ্ৰ ৰাভাৰ দৰে প্ৰগতিশীল খেতিয়কজনে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে এভাৰগ্ৰীণ নাৰ্চাৰী স্থাপন কৰি বিভিন্ন ফুল, ফলমূলৰ গছৰ লগতে কল, চাহ, ৰবৰ, তামোল -পাণ বাগানেৰে স্ব -নিৰ্ভৰশীল হৈ জনসমাজত সুন্দৰ নিদৰ্শন দাঙি ধৰিছে৷ আজি তেওঁ এগৰাকী সফল আদৰ্শবান ব্যক্তি৷ ৰাভা শিল্পী আৰু লেখক মঞ্চৰ সম্পাদক সুৰেন্দ্ৰ মোহন ৰাভাই আঁত ধৰা“ এটা দুটা তিতা মিঠা কথা, তাৰ ফাঁকে ফাঁকে কবিতা“

শীৰ্ষক অনুষ্ঠানত ডঃ অমিয় ৰাভা, চিদানন্দ শৰ্মা, ফটিক নন্দন, ৰাজীৱ ৰাভা, গোবিন্দ মোচাহাৰী, গধূলি গোপালৰ বাঁহীৰ কবি ৰঞ্জী শইকীয়া ডেকা, প্ৰতিশ্ৰুতিসম্পন্ন যুৱ লেখিকা ভায়’লিনা অঞ্জনে কবিতা পাঠ কৰা অনুষ্ঠানত খেতিয়ক কবি নিবাৰণ ৰাভা আৰু যতনা ৰাভাই গান আৰু কবিতাৰে জীপাল কৰি তোলে৷ বিশিষ্ট অনুবাদক গল্পকাৰ তথা টংলা মহাবিদ্যালয়ৰ উপাধ্যক্ষ অঞ্জলি চক্ৰৱৰ্তী, ওদালগুৰি জিলা সাহিত্য সভাৰ সম্পাদক ডঃ পৱিত্ৰ শৰ্মা, শ্ৰীমন্ত শংকৰদেৱ সংঘ, ভেৰগাঁও জিলা শাখাৰ

শৰণাচাৰ্য মঙ্গল চন্দ্ৰ ৰাভা, মৌগাঁও মিলন হাইস্কুলৰ অৱসৰী কৃতী প্ৰধান শিক্ষক সম্ভূৰাম ৰাভা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সম্পাদক ভদ্ৰকান্ত শৰ্মা, ওদালগুৰি জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি হেমেন ৰাভা, ৰাভা মহিলা পৰিষদৰ নেত্ৰী অহল্যা ৰাভা, লেখক অকণ ৰাভাই নিজৰ নিজৰ অভিব্যক্তি ব্যক্ত কৰাৰ লগতে ৰাভা শিল্পী আৰু লেখক মঞ্চৰ উত্তৰণত আমি সদায়েই আছো ৷ সাহিত্য, শিল্প সৃষ্টি সাধনা, পৰিৱেশ তথা বৌদ্ধিক বিকাশৰ জৰিয়তে মানুহ নিৰ্মাণ কামত ব্ৰতী হোৱা অনুষ্ঠানটিক ভুয়ুসী প্ৰশংসা

কৰাৰ লগতে এটা দুটা তিতা মিঠা কথা, তাৰ ফাঁকে ফাঁকে কবিতা শীৰ্ষক অনুষ্ঠানত লগে ভাগে এসাঁজ ভাত প্ৰদান কৰোঁতা প্ৰগতিশীল খেতিয়ক মাটিৰ মানুহ তৰুণ চন্দ্ৰ ৰাভা আৰু পৰিয়ালটিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে৷ আনহাতে কবিতা পাঠ কৰা কবি সকলক মানপত্ৰ আৰু ৰাভা জাতিটোৰ হকে দেহে কেহে কাম কৰা জাতীয় কৰ্মী মঙ্গল চন্দ্ৰ ৰাভা আৰু এভাৰগ্ৰীণ নাৰ্চাৰীৰ স্বত্বাধিকাৰী তৰুণ চন্দ্ৰ ৰাভাক প্ৰশংসা পত্ৰ আৰু ফুলাম পাজাৰেৰে মঞ্চৰ হৈ জয়ন্ত চক্ৰৱৰ্তী আৰু অঞ্জলি চক্ৰৱৰ্তীয়ে প্ৰদান কৰে৷

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: