অসম

টংলাস্থিত নৰ্থ দৰং চিনিয়ৰ চেকেণ্ডাৰী স্কুলত পোনপ্ৰথমবাৰৰ বাবে বিহু বিষয় পাঠ্যক্ৰমত অন্তৰ্ভুক্ত

সংবাদদাতা, টংলা:- অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অনুমোদিত বিহু বিষয়টি পোনপ্ৰথমবাৰৰ বাবে ওদালগুৰি জিলাৰ অন্তৰ্গত টংলাস্থিত নৰ্থ দৰং চিনিয়ৰ চেকেণ্ডাৰী স্কুলত পাঠ্যক্ৰম আৰম্ভ কৰা হয়। ২০২০-২১ শিক্ষা বৰ্ষ এইবাৰ ১৬ গৰাকী ছাত্ৰ ছাত্ৰীয়ে চূড়ান্ত পৰীক্ষাত অৱতীৰ্ণ হ’ব লগতে উক্ত বিষয়টিৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীয়ে অসমৰ জাতীয় উৎসৱৰ জ্ঞান ধাৰণা লাভ কৰিবলৈ সক্ষম হ’ব বুলি বিদ্যালয়খনৰ অধ্যক্ষা ৰূপৰেখা শৰ্মাই জানিবলৈ দিয়ে। আনহাতে উক্ত বিহু বিষয়টিত ৩০ নম্বৰৰ লিখিত পৰীক্ষা আৰু ৭০ নম্বৰৰ প্ৰায়গিক পৰীক্ষা হ’ব। বিদ্যালয়খনত বিষয়টিৰ সন্দৰ্ভত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত এটি ১৫ দিনীয়া বিহু কৰ্মশালাৰ জৰিয়তে অভ্যন্তৰীণ মূল্যায়নৰ ব্যৱস্থা কৰা হয়। আনহাতে বনশ্ৰী তালুকদাৰে সম্পূৰ্ণ বিহু বিষয়টিৰ ওপৰত পাঠদান কৰা লগতে মনোৰঞ্জন শৰ্মা, প্ৰাঞ্জল ডেকা, ৰিপীকা ডেকা, দুলাল বৰুৱাই ছাত্ৰ ছাত্ৰীক বিহুৰ প্ৰশিক্ষণ দিয়ে। জিলা খনৰ ভিতৰতে উক্ত শিক্ষানুষ্ঠানখনত বিহু বিষয়তি অন্তৰ্ভুক্ত কৰা বাবে সচেতন মহলে শলাগ লয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: