অসম

টংলাৰ কবি, শিক্ষয়িত্ৰী নীলিমা শইকীয়া বৰুৱাৰ ক’ভিডত মৃত্যু

সংবাদদাতা, টংলা : গুৱাহাটী জালুকবাৰী ধাৰাপুৰৰ ৰামধন বৰুৱাৰ পত্নী কবি, শিক্ষয়িত্ৰী  নীলিমা শইকীয়া বৰুৱাৰ কালি নিশা আয়ুৰচন্দ্ৰা হাস্পতালত চিকিৎসাধীন অৱস্থাতে  মৃত্যুক সাৱটি লয়।টংলা পুৰন্দীয়া নিবাসী সিন্ধু ৰাম শইকীয়া আৰু ক্ষিতেশ্বৰী শইকীয়াৰ জীয়ৰী  নীলিমাই স্বামীৰ কৰ্মসূত্ৰে টংলা জলসিঞ্চন কলনীত বহু বছৰ ধৰি বসবাস কৰিছিল। অসম সাহিত্য সভাৰ আজীৱন সভ্য, সুধাকণ্ঠ ড:ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ সদস্য, টংলা বোৱাৰী বিহু সন্মিলন, টংলা লেখিকা সমাৰোহ আদি বহুতো অনুষ্ঠানৰ স’তে

জড়িত নীলিমাই ওদালগুৰি জিলাৰ ডিমাকুছিস্থিত চিকাৰী বাংলা মধ্য ইংৰাজী বিদ্যালয়ত হিন্দী বিভাগৰ শিক্ষয়িত্ৰী হিচাপে কৰ্মৰত আছিল। কবি হিচাপেও আত্মপ্ৰকাশ কৰা নীলিমা কলা সংস্কৃতিৰো পূজাৰী আছিল। বিশিষ্ট গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী প্ৰফুল্ল কুমাৰ বৰুৱাৰ সতে কেবাটাও গীতত কণ্ঠ নিগৰাইছিল। “স্মৃতিৰ কৰণিত সৰি পৰা ফুল”শীৰ্ষক এখনি কাব্যপুথি ৰচনা কৰি থৈ যোৱা নীলিমাই টংলাৰ লগতে গুৱাহাটীৰ বিভিন্ন সাহিত্য-সংস্কৃতিমূলক অনুষ্ঠানৰ স’তে মৃত্যুৰ আগমুহূৰ্তলৈকে জড়িত হৈ পৰিছিল। তেওঁৰ মৃত্যুত অসম সাহিত্য সভাৰ

সম্পাদক প্ৰধান যাদৱ চন্দ্ৰ শৰ্মা, সুধাকণ্ঠ ডঃ ভূ পেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ সম্পাদক ডঃ হৰিৰাম দাস,টংলা সাহিত্য সভা, ওদালগুৰি জিলা কোচ ৰাজবংশী ছাত্ৰ সন্থা(পশ্চিম)ৰ সভাপতি হেমন্ত বৰা কোচ ,পুৰন্দীয়া সাহিত্য সভা, টংলা লেখিকা সন্থা,টংলা বোৱাৰী বিহু সন্মিলন, টংলা কবি সন্মিলন,টংলা শিল্পী সমাজ আদিয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়ালবৰ্গলৈ  সমবেদনা জ্ঞাপন কৰে। নীলিমা শইকীয়া বৰুৱা (৫০)ই মৃত্যুৰ সময়ত স্বামী, দুই পুত্ৰ বোৱাৰী, নাতি-নাতিনী তথা গুণমুগ্ধক ইহজগতত এৰি থৈ যায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: