অসম
টংলাৰ গোহাঁইখাটৰ পৰা মাকেলিকান্দালৈ ৰাইজৰ শ্ৰম দানেৰে পথ নিৰ্মাণ

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ কলাইগাঁও বিধানসভা সমষ্টিৰ অন্তৰ্গত গোঁহাইখাট গাঁৱৰ পৰা মাকেলিকান্দালৈ যোৱা প্ৰায় দুই কিলোমিটাৰ দৈৰ্ঘ্যৰ পথছোৱা মাকেলিকান্দা যুৱক সংঘ আৰু গোহাঁইখাট সেউজী যুৱক সংঘৰ উদ্যোগত দুয়োখন গাঁৱৰ ৰাইজে মিলি পথ মেৰামতি কৰাৰ লগতে নিজা ববীয়াকৈ পইছা উঠাই শিল বালিও দিয়ে বুলি জানিব দিছে পথ নিৰ্মাণ সমিতিৰ সভাপতি ৰতন চন্দ্ৰ ডেকা আৰু সম্পাদক দীপক ৰাভাই। মুদৈবাড়ি পৰিষদৰ পাৰিষদ আৰু কলাইগাঁও বিধানসভা সমষ্টিৰ বিধায়কে চকু মুদা কাৰ্যত অসন্তুষ্ট হৈ দুয়োখন গাঁৱৰ ৰাইজে নিজা ধন আৰু পৰিশ্ৰমেৰে মেৰামতি কৰা কাৰ্যত সচেতন মহলে ধন্যবাদ জ্ঞাপন কৰাৰ লগতে চৰকাৰলৈ ৰৈ নাথাকিবলৈ আহ্বান জনাইছে।