অসম

টংলা উঃ মাঃ বিদ্যালয়ৰ ছাত্র-ছাত্ৰীক ৰিটেইলৰ প্ৰশিক্ষণ প্ৰদান

সংবাদদাতা, টংলা:- নৱপ্ৰজন্মই ব‍্যৱসায়ৰ জৰিয়তে আত্মনিৰ্ভৰশীল হোৱাৰ উদ্দেশ‍্যেৰে কেন্দ্ৰীয় চৰকাৰে ‘এডুকেটিভ নেশ‍্যনেল স্কিল কোৱালিফিকেশ‍্যন ফ্ৰেমৱৰ্ক’ আচনিৰ জৰিয়তে অসমৰ কেইবাখনো বিদ‍্যালয়ত ঐচ্ছিক বিষয় হিচাপে ৰিটেইল তথা খুচুৰা ব‍্যৱসায়ৰ শিক্ষা পাঠ‍্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। সমান্তৰালভাৱে ওদালগুৰি জিলাৰ অন্তৰ্গত টংলা উচ্চতৰ মাধ্যমিক বিদ্যালয়তো এই ৰিটেইলৰ প্ৰশিক্ষণ তথা শিক্ষা ২০১৯ চনৰ পৰা পাঠ‍্যক্ৰমত অন্তৰ্ভুক্ত কৰা হৈছে। এই ৰিটেইলৰ শিক্ষা প্ৰদানৰ উদ্দেশ্যেৰে যোৱা মঙ্গলবাৰে ৰিটেইলৰ অন্তৰ্ভুক্ত ‘হেণ্ডছ অন স্কিল ট্ৰেইনিং’ নামৰ বিষয়ৰ ভিত্তিত বিদ্যালয়খনৰ ৰিটেইলৰ শিক্ষয়িত্ৰী হিমাদ্ৰী ভূঞাৰ নেতৃত্বত বিদ‍্যালয়খনৰ উপাধ‍্যক্ষা পুতুলি বৰাৰ সৈতে নৱম আৰু দশম শ্ৰেণীৰ ৪৫ গৰাকী ছাত্ৰ-ছাত্ৰীক টংলা চহৰৰ মাজমজিয়াত অৱস্থিত ‘দ‍্যা স্কুৱেৰ’ নামৰ ব‍্যৱসায় প্ৰতিষ্ঠানটোলৈ লৈ যায়। প্ৰতিষ্ঠানটোৰ স্বত্বাধীকাৰে ছাত্ৰ-ছাত্ৰী সকলক বিভিন্ন ক্ষুদ্ৰ ব্যৱসায়িক জ্ঞানৰ লগতে হাতেৰে নিৰ্মিত বিভিন্ন খাদ্য তথা ফাষ্টফুড আদিৰ উপৰিও সমূহ ব্যৱসায়িক ধাৰণাৰ এক সামূহিক জ্ঞান প্ৰদান কৰে। আনহাতে, এই শিক্ষা তথা প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল ব্যৱসায়ৰ প্ৰতি আগ্ৰহী হোৱাৰ লগতে ভৱিষ্যতে তেওঁলোক অধিক উপকৃত হ’ব বুলি জনায় বিদ‍্যালয়খনৰ উপাধ্যক্ষা পুতুলি বৰাই। লগতে কেন্দ্ৰীয় চৰকাৰে পাঠ্যপুথিত অন্তৰ্ভুক্ত কৰা ৰিটেইলৰ শিক্ষা তথা এই প্ৰশিক্ষণৰ জৰিয়তে ছাত্ৰ-ছাত্ৰীসকল যথেষ্ট লাভৱান হ’ব বুলি সম্পূৰ্ণ আশাবাদী বিদ্যালয়খনৰ ৰিটেইলৰ শিক্ষয়িত্ৰী হিমাদ্ৰী ভূঞাই।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: