অসম

টংলা ক্ৰীড়া সন্থাৰ উদ্যোগত এথলেটিকছ প্ৰশিক্ষণ সফল সামৰণি

২০০ৰো অধিক প্ৰশিক্ষাৰ্থীৰ অংশগ্ৰহণ

সংবাদদাতা, টংলা:- ওদালগুৰি জিলাৰ অন্তৰ্গত টংলা ক্ৰীড়া সন্থাৰ উদ্যোগত যোৱা ২০ আগষ্টৰ পৰা আৰম্ভ হোৱা ১০ দিনীয়া এথলেটিকছ প্ৰশিক্ষণৰ আজি সফল সামৰণি পৰে। উল্লেখযোগ্য যে কোভিড মহামাৰী সন্ধিক্ষণত গৃহবন্দী নহয় ছাত্ৰ-ছাত্ৰী সকলক ব্যস্ত কৰি ৰাখিবলৈ লগতে তেওঁলোকৰ শাৰীৰিক মানসিক বিকাশৰ অৰ্থে টংলা ক্ৰীড়া সন্থাই আয়োজন কৰা উক্তএথলেটিকছ প্ৰশিক্ষণত জিলাখনৰ প্ৰায় গ্ৰাম্য অঞ্চলৰ পৰা অহা ২০০ৰো অধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে। উক্ত এথলেটিকছ প্ৰশিক্ষণত প্ৰশিক্ষণ প্ৰদান কৰে ক্ৰমে সদৌ অসম এথলেটিকছ সন্থাৰ মুখ্য প্ৰশিক্ষক গোবিন্দ মালাকাৰ, ৰাষ্ট্ৰীয় খেলুৱৈৰ মুকন্দ শৰ্মা বৰুৱা, আন্ত: ৰাষ্ট্ৰৰ কাবাডি ৰেফাৰী নোমল ৰাভা, ৰাষ্ট্ৰৰ কাবাডি ৰেফাৰী ভাৰত চন্দ্ৰ ৰাভা, টংলা ক্ৰীড়া সন্থাৰ সভাপতি খৰ্গেস্বৰ বৰাই। আজি সামৰণি অনুষ্ঠানত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে উপস্থিত থাকি খেলুৱৈৰ সকলৰ সৈতে কৰমৰ্দন কৰি মত বিনিময় কৰে লগতে খেলুৱৈ সকলক ৰাজ্যিক, ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় পৰ্যায়লৈ খেলি সুনাম অৰ্জন কৰিবলৈ উৎসাহিত কৰে। দৈমাৰীয়ে টংলা ষ্টেডিয়ামক এখন উন্নত মানদণ্ডৰ ষ্টেডিয়াম ৰূপে গড় দিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মতপোষণ কৰে। আনহাতে টংলা ষ্টেডিয়ামৰ শৌচাগাৰ, প্ৰেচাবগাৰ জিৰণি গৃহ, গেলাৰী, খেল সামগ্ৰী আদি সমস্যাৰ বুজ লোৱাৰ লগতে অতি শীঘ্ৰে নিৰ্মাণ আৰু প্ৰদান কৰিম বুলি প্ৰতিশ্ৰুতি দিয়ে। অনুষ্ঠানটোত ভেৰগাঁও জিলা ক্ৰীড়া সন্থাৰ সম্পাদক লক্ষ্মীৰাম বড়ো আৰু অসম এথলেটিকছ সন্থাৰ যুটীয়া শ্যামল দৈমাৰীয়ে উপস্থিত থাকি আজি সামৰণি অনুষ্ঠানত তেওঁলোকে টংলাৰ ক্ৰীড়া সন্থাৰ ভূয়সী প্ৰশংসা কৰা লগতে আন্তঃৰাষ্ট্ৰী খেলুৱৈ সৃষ্টি কৰিবলৈ আহ্বান জনায়। সদৌ অসম এথলেটিকছ সন্থাৰ মুখ্য প্ৰশিক্ষক গোবিন্দ মালাকাৰক আজি আনুষ্ঠানটিৰ জৰিয়তে বিদায় সম্ভাষণ জনায়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: