অসম

টংলা ছাতগাড়ী মজলীয়া বিদ্যালয়ত বিশেষভাৱে সক্ষম লোকৰ স্কেনিং আৰু চিকিৎসা শিবিৰ

সংবাদদাতা, টংলা:-

বিটিচি সমাজ কল্যাণ বিভাগৰ উদ্যোগত আৰু স্বাস্থ্য-পৰিয়াল কল্যাণৰ সহযোগত টংলা ছাতগাড়ী মজলীয়া বিদ্যালয়ত বুধবাৰে বিশেষভাৱে সক্ষম লোকৰ চিকিৎসা শিবিৰ অনুষ্ঠিত হয়।
উক্ত চিকিৎসা শিবিৰত বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় পাঁচশজন বিশেষ ভাৱে সক্ষম লোকক চিকিৎসা কৰাৰ লগতে প্ৰমাণপত্ৰৰ বাবে স্কেনিং কৰে। চিকিৎসা শিবিৰত উপস্থিত থাকে ওদালগুৰি জিলা সমাজ কল্যাণ বিষয়া নিলাক্ষী বৰদলৈ। অনুষ্ঠানত উপস্থিত থাকি সমাজ কল্যাণ বিষয়া তথা প্ৰকল্প বিষয়া নিলাক্ষী বৰদলৈয়ে কয় যে, আজি টংলা ছাতগাড়ী মজলীয়া বিদ্যালয়ত আমি দিব্যাঙ্গ সকলৰ বাবে এটা শিবিৰ অনুষ্ঠিত কৰিছোঁ। এই শিবিৰৰ জৰিয়তে আমি যিসকল টংলা অঞ্চলৰ দিব্যাঙ্গ আছে তেওঁলোকক চৰকাৰী ভাবে স্কেনিং কৰি কাৰ্ড দিয়াৰ ব্যৱস্থা কৰা হ’ব। এই বাবে আজি এই শিবিৰৰ আয়োজন কৰা হৈছে। সকলো অংগনবাড়ী কৰ্মীৰ জৰিয়তে নিজৰ নিজৰ এলেকাৰ যিখিনি দিব্যাঙ্গ আছে তেওঁলোকক এই শিবিৰত স্কেনিং কৰা হৈছে। উক্ত অনুষ্ঠানৰ কাৰ্যসূচীত টংলাস্থিত ৰ’জ এন জি অই সহায় সহযোগ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: