অসম

টংলা পৌৰসভাৰ উদ্যোগত সমূহীয়া চাফাই অভিযান

সংবাদদাতা, টংলা:- মহামানৱ মহাত্মা গান্ধীৰ ১৫২ সংখ্যক জন্ম জয়ন্তী আৰু আজাদী কা অমৃত মহোৎসৱ উদযাপন উপলক্ষে আজি পুৱা ৯ বজাৰ পৰা স্বচ্ছ ভাৰত মিছন (নগৰ), টংলা পৌৰ সভা, হৰিশিঙা চক্ৰ বিষয়া কাৰ্যালয় আৰু জনস্বাস্থ্য কাৰীকৰি বিভাগ টংলা সংগমন্ডলৰ যৌথ উদ্যোগত সামূহিক চাফাই অভিযানৰ অন্তত চাফাই মিত্ৰ সন্মান সমাৰোহ অনুষ্ঠিত কৰা হয় পৌৰসভাৰ কাৰ্যালয় গৃহত। টংলা পৌৰসভাৰ কাৰ্যালয়ৰ পৰা খালিংদুৱাৰ সমষ্টিৰ পাৰিষদ তথা সভাপতি দিলীপ বড়ো আৰু হৰিশিঙা ৰাজহ চক্ৰ বিষয়া মনীষা নাথৰ নেতৃত্বত স্বচ্ছ ভাৰত মিছন, নগৰ, টংলা পৌৰ সভাৰ চাফাই কৰ্মীৰ লগতে চক্ৰ বিষয়া কাৰ্যালয়ৰ দহ গৰাকী আৰু জনস্বাস্থ্য কাৰিকৰী বিভাগৰ দহ গৰাকী কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰি টংলা বজাৰ খোলা, চাৰিআলি, তিনিআলি, ৰেল ষ্টেচন আদিত হাতে হাতে ঝাড়ু লৈ সমূহীয়া চাফাই অভিযান কাৰ্যসূচী ৰূপায়ণ কৰাৰ সফল সমাপ্তিৰ পিছতে টংলা পৌৰ সভাৰ সভাগৃহত চক্ৰ বিষয়া মনীষা নাথৰ সঞ্চালনত চাফাই মিত্ৰ সন্মান সমাৰোহ অনুষ্ঠিত কৰা হয়। ২৮গৰাকী পুৰুষ আৰু মহিলা চাফাইকৰ্মী, ৮জন ড্ৰাইভাৰ, লেবাৰক ফুলাম গামোচা, চাৰ্ট আৰু শাৰীৰে সম্বৰ্ধনা জনোৱা হয়। স্বচ্ছ ভাৰত মিছনৰ নডেল অফিচাৰ সদানন্দ চহৰীয়া, প্ৰকল্প বিষয়া বিদ্যুৎ বিকাশ কলিতাই আঁত ধৰা সমাৰোহত টংলা পৌৰসভাৰ সভাপতি দিলীপ বড়ো, উপাধ্যক্ষ, হৰিশিঙা ৰাজহ চক্ৰৰ মুখ্য কাৰ্যালয় সহায়ক সূৰ্যকান্ত দাস, চাৰিগৰাকী ওৱাৰ্ড কমিছনাৰৰ লগতে টংলাস্থিত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অভিযন্তা, কৰ্মচাৰী আৰু হৰিশিঙা ৰাজহ চক্ৰ কাৰ্যালয়ৰ কৰ্মচাৰীয়ে অংশগ্ৰহণ কৰা সমাৰোহত সম্বৰ্ধনা লাভ কৰি চাফাইকৰ্মী সকলে উৎফুল্ল হোৱা পৰিলক্ষিত হয়। টংলা পৌৰসভাৰ সভাপতি দিলীপ বড়োৱে টংলা নগৰ খনক স্বচ্ছ নগৰ কৰা, উন্নয়ন সাধন কৰাৰ লগতে আদৰ্শ নগৰ হিচাপে গঢ়ি তুলিবলৈ প্ৰয়াস অব্যাহত ৰাখিম বুলি জানিব দিয়ে। মহামানৱ মহাত্মা গান্ধীৰ ১৫২ সংখ্যক গান্ধীজয়ন্তীত এইটোৱেই ডাঙৰ সংকল্প যে আমাৰ নিজৰ ঘৰৰ লগতে অঞ্চলটো, চহৰখন চাফ- চিকুণকৈ ৰাখিব লাগে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: