অসম

টকিঅ’ অলিম্পিকত সৰুপথাৰৰ জীয়ৰী অসম গৌৰৱ লাভলীনা চেমিফাইনেলত প্ৰৱেশ

সংবাদদাতা, ধনশিৰি:- দুৰ্বাৰ ইচ্ছা শক্তি আৰু কঠোৰ পৰিশ্রমৰ ফলত টকিঅ’ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰিবলৈ পোৱা অসম জীয়ৰী লাভলীনা বৰগোহাঁইয়ে প্ৰবেশ কৰিলে চেমিফাইনেলত। গোলাঘাট জিলাৰ ধনশিৰি মহকুমাৰ বৰপথাৰ বাৰ’মুখীয়াৰ দৰে এখন অখ্যাত গাঁৱৰ পৰা গৈ টকিঅ’ অলিম্পিকৰ বক্সিং ৰিঙত জয়যাত্ৰা অব্যাহত ৰাখিছে ৰিঙৰ ৰাণী লাভলীনাই। ২৪ তাৰিখে বক্সিং ৰিঙত ননমাকৈয়ে বাই পাই প্ৰি-কোৱাটাৰ ফাইনেলত প্রৱেশ কৰা লাভলীনাই আৰু পিছলৈ ঘূৰি চাব লগা হোৱা নাই। ২৭ জুলাইত অনুষ্ঠিত

প্ৰি কোৱাটাৰ ফাইনেলত  বিপক্ষ জাৰ্মান খেলুৱৈ নাডিন এপেটজক পৰাস্ত কৰি কোৱাটাৰ ফাইনেলত প্রৱেশ কৰিছিল লাভলীনাই। ভাৰতীয় সময়মতে শুক্ৰবাৰে পোৱা ৮-৪৭ বজাত অনুষ্ঠিত হোৱা কোৱাটাৰ ফাইনেলত চীনৰ প্ৰতিযোগী চি য়েন চেইনক ৪-১ ব্যৱধানত ধৰাশায়ী কৰি টকিঅ’ অলিম্পিকৰ বক্সিং চেমিফাইনেলত স্থান নিশ্চিত কৰে লাভলীনাই। উল্লেখ্য চেমিফাইনেলত প্ৰবেশ কৰাৰ লগে লগে  টকিঅ’ অলিম্পিকত লাভলীনাই দেশৰ হৈ এটা পদক পোৱাটো নিশ্চিত হ’ল। আনহাতে চেমিফাইনেলত প্ৰবেশ কৰাৰ লগে লগে

আনন্দৰ লহৰ উঠে বক্সাৰ গৰাকীৰ জন্মস্থান বৰপথাৰত। আটছবাজী ফুটাই আবতৰীয়া দেৱালী উদযাপন কৰাৰ লগতে বিহু গীত গাই আনন্দ কৰে জনতাই। বক্সাৰ গৰাকীৰ পিতৃ টিকেন বৰগোহাঁইয়েও কন্যাৰ সফলতাত উৎফুল্লিত হৈ পৰে। টকিঅ’ অলিম্পিকত সোণৰ পদক লৈ ঘৰলৈ উভতিব বুলি ফোনযোগে অবগত কৰাৰ কথা পিতৃয়ে জানিবলৈ দিয়ে সাংবাদিকক। কন্যাৰ সমান্তৰালকৈ পিতৃ টিকেন বৰগোঁহাইয়ো আশাবাদী টকিঅ’ অলিম্পিকত লাভলীনাই সোণৰ পদক অৰ্জন কৰি দেশক গৌৰৱান্বিত কৰিব।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: