টিংখাং মহাবিদ্যালয়ত সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা সম্পন্ন
সংবাদদাতা, টিংখাং:- টিংখাং মহাবিদ্যালয়ৰ বৰ্ষজোৰা সোণালী জয়ন্তী উপলক্ষে মহাবিদ্যালয়খনৰ আভ্যন্তৰীণ মান নিৰূপণ কোষ আৰু শিক্ষক গোটৰ যৌথ উদ্যোগত মহাবিদ্যালয়খনৰ প্ৰয়াত অধ্যাপক গোপাল শইকীয়া, বিনোদ খনিকৰ আৰু দীপান্বিতা বৰাৰ সোঁৱৰণত আজি সদৌ অসম ভিত্তিত তৰ্ক প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ তৰ্ক প্ৰতিযোগিতাত ৰাজ্যখনৰ বিভিন্ন মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰছাত্ৰীসকলে অংশগ্ৰহণ কৰে৷ তৰ্ক প্ৰতিযোগিতাখনি উদ্বোধন কৰে মহাবিদ্যালয়খনৰ অধ্যক্ষ মিনতি হাজৰিকাই৷ প্ৰয়াত অধ্যাপকত্ৰয় গোপাল শইকীয়া, বিনোদ খনিকৰ আৰু দীপান্বিতা বৰাৰ সোঁৱৰণত অনুষ্ঠিত হোৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মুখ্য তৰ্পক হিচাপে শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰে ক্ৰমে
সোণালী জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি জীৱেশ্বৰ মহন, মহাবিদ্যালয়খনৰ উপাধ্যক্ষ ড° যতীন্দ্ৰনাথ কোঁৱৰ আৰু মহাবিদ্যালয়খনৰ শিক্ষক গোটৰ সভাপতি দীপাঞ্জলী বৰাই৷ আভ্যন্তৰীণ মান নিৰূপণ কোষৰ সমণ্বয়ক ড° দিগন্ত কুমাৰ গগৈয়ে আদৰণি ভাষণ আগবঢ়ায়৷ ইয়াৰ পাছতেই তৰ্ক প্ৰতিযোগিতা আৰম্ভ হয়৷ তৰ্কৰ বিষয় সদনৰ মতে -“নীতিগত পদ্ধতিৰে চৰকাৰী ভূমি বেদখলকাৰীক উচ্ছেদ কৰা কাৰ্যই মানৱ অধিকাৰ ভংগ নকৰে৷ ” ছাত্ৰছাত্ৰীৰে ঠাহ খাই থকা তৰ্ক প্ৰতিযোগিতাত বিচাৰক ৰূপে অংশগ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা মৃদুল বৰ্মণ, ৰাধা গোবিন্দ বৰুৱা, মহাবিদ্যালয়ৰ জিণ্টু গোহাই, যোৰহাট জিলা আদালতৰ অধিবক্তা ৰিণ্টু গোস্বামীয়ে৷
ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বুৰঞ্জী বিভাগৰ প্ৰাধ্যাপক ড° নিৰোদ বৰুৱাৰ অধ্যক্ষতাত প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ তৰ্ক প্ৰতিযোগিতাত প্ৰথম স্থান লাভ কৰে শিৱসাগৰ মহাবিদ্যালয়ৰ বিশাল বৰা আৰু পাৰ্থ জ্যোতি বৰুৱাই৷ দ্বিতীয় স্থান লাভ কৰে দৰং মহাবিদ্যালয়ৰ হিমাঞ্চল দত্ত আৰু মনোজ কুমাৰ বৰুৱাই৷ তৃতীয় স্থান লাভ কৰে তেজপুৰ বিশ্ববিদ্যালয়ৰ গীতাঞ্জলী মালি আৰু সৌম্য দত্ত ঘোঁচে৷ উক্ত প্ৰতিযোগিতাত প্ৰথম শ্ৰেষ্ঠ তাৰ্কিক বটা লাভ কৰে দৰং মহাবিদ্যালয়ৰ মনোজ কুমাৰ বৰুৱাই আৰু দ্বিতীয় শ্ৰেষ্ঠ বটা লাভ কৰে টিংখাং মাহাবিদ্যালয়ৰ চাইনী তালুকদাৰ আৰু শিৱসাগৰ মহাবিদ্যালয়ৰ পাৰ্থ জ্যোতি বৰুৱাই৷ আটাইকেইগৰাকী বিজয়ী প্ৰতিযোগীকে নগদ ধন, ট্ৰফী আৰু মানপত্ৰৰে পুৰস্কৃত কৰা হয়৷