অসম

টিংখাঙত অজলা-আজলী পুৰুষ-মহিলা নিৰুদ্দেশ

মানৱ সৰবৰাহকাৰীৰ কৱলত পৰাৰ সন্দেহ পৰিয়ালৰ

সংবাদদাতা, টিংখাং:- টিংখাঙত অজলা-আজলী আদি পুৰুষ-মহিলা নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সচেতন মহলৰ মাজত। যোৱা ডেৰ মাহৰ পূৰ্বে টিংখাঙৰ দিল্লীবাৰীৰ ১নং সাপকাইট গাঁৱৰ আনন্দৰাম গগৈ আৰু পুতলি গগৈৰ অবিবাহিত তথা অজলা পুত্ৰ ৪০ বছৰীয়া অজয় গগৈ ৰহস্যজনক ভাবে নোহোৱা হোৱা ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে। ঘটনাৰ সন্দৰ্ভত টিংখাং থানাত নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰাৰ পিছতো আজি পৰ্যন্ত ব্যক্তিজনৰ কোনো সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই। এই ঘটনা সংঘটিত হোৱাৰ ডেৰ মাহৰ পিছত পুনৰ টিংখাঙৰ ৰাজগড়ৰ পৰা এগৰাকী ৪১ বছৰীয়া অবিবাহিত আজলী মহিলা নিৰুদ্দেশ হোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি হৈছে। ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত নাহৰপাৰা নলনী চুবুৰীৰ লীলাধৰ কোঁচ আৰু অনিমা কোচৰ কন্যা বন্তি কোঁচ (৪১) যোৱা ১ডিচেম্বৰৰ পৰা নিৰুদ্দেশ হৈ থকাত পৰিয়ালটো গভীৰ চিন্তাৰ সন্মুখীন হৈছে। মহিলা গৰাকীৰ লগত থকা মবাইলটোও বন্ধ হৈ আছে। আজলী মহিলা গৰাকীৰ সন্ধানত পৰিয়ালৰ লোকে আত্মীয় কুটুমৰ ঘৰত খা-খবৰ কৰিয়ো কোনো সন্ধান লাভ নকৰাত স্থানীয় ৰাজগড় আৰক্ষী চকীত নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰ দাখিল কৰিছে যদিও আজি পৰ্যন্ত কোনো সন্ধান লাভ কৰা নাই মহিলা গৰাকীৰ। এতিয়া বায়েকৰ ফটো ভাতৃয়ে আৰু পুত্ৰৰ ফটো মাতৃয়ে বুকুত সাৱটি ঘৰলৈ ঘূৰি অহাৰ অপেক্ষাত। উল্লেখযোগ্য যে ইয়াৰ আগতেও টিংখাঙৰ পৰা এনেধৰণৰ অজলা ব্যক্তি নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। সেয়ে ভুক্তভোগী পৰিয়ালকেইটাই এনেধৰণৰ লোক সমূহ মানৱ সৰবৰাহকাৰীৰ কৱলত পৰা বুলি সন্দেহ প্ৰকাশ কৰিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: