টিংখাঙত অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা বৰ্তমান কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল
শীতৰ নিশা ফ্লাচ লাইটৰ পোহৰত উপভোগ কৰিলে ভলীবল খেল
সংবাদদাতা, টিংখাং:- টিংখাঙত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। অসমৰ ক্ৰীড়া মন্ত্ৰী বিমল বৰাৰ নিজ গাঁৱত অনুষ্ঠিত হোৱা এখন দিবা নৈশ ভলীবল প্ৰতিযোগিতাত শনিবাৰে নিশা অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শীতৰ নিশা ফ্লাচ লাইটৰ পোহৰত ভলিবল খেল উপভোগ কৰিলে কেন্দ্ৰীয় মন্ত্ৰী তথা প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। শনিবাৰে নিশা টিংখাঙত উপস্থিত হৈ ধোৱাপথাৰ-কেছেৰুগুৰি যুৱমঞ্চৰ উদ্যোগত অনুষ্ঠিত ডিব্ৰুগড় জিলা ভিত্তিত আন্তঃযুৱ সংঘ আৰু উজনি অসম ভিত্তিত প্ৰাইজমণি দিবা-নৈশ ভলীবল প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে। দিবা-নৈশ ভলীবল প্ৰতিযোগিতাখনিত অংশগ্ৰহণ কৰি মন্ত্ৰী সৰ্বানন্দ সোণোৱালে
খেলুৱৈ সকলক উৎসাহিত কৰাৰ লগতে গুৱাহাটীক দেশৰ ক্ৰীড়া ৰাজধানী হিচাপে গঢ়ি তোলাৰ সপোন বাস্তৱায়িত কৰিবলৈ ক্ৰীড়া মন্ত্ৰী বিমল বৰাৰ প্ৰতি আহ্বান জনাই ভাষণ প্ৰদান কৰে। আনহাতে ক্ৰীড়া মন্ত্ৰী হিচাপে বিমল বৰাই অসমৰ ক্ৰীড়া ক্ষেত্ৰ খনক আগুৱাই নিবলৈ সক্ষম হ’ব বুলি কেন্দ্ৰীয় মন্ত্ৰী গৰাকীয়ে মন্তব্য কৰে। উক্ত দিবা নৈশ ভলীবল প্ৰতিযোগিতাখনীত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগত স্থানীয় বিধায়ক তথা ৰাজ্যৰ ক্ৰীড়া আৰু যুৱ কল্যাণ মন্ত্ৰী বিমল বৰা, বিধায়ক প্ৰশান্ত ফুকন, প্ৰাক্তন বিধায়ক তথা পৰ্যটন বিভাগৰ অধ্যক্ষ ৰিতুপৰ্ণ বৰুৱা, গৃহ নিৰ্মাণ পৰিষদৰ উপাধ্যক্ষ তথা অসম প্ৰদেশ বিজেপিৰ মুখপাত্ৰ সুভাষ দত্ত আদি উপস্থিত থাকে।