অসম

টিংৰাইত গ্ৰেনেড বিস্ফোৰণত জড়িত যুৱকক গ্ৰেপ্তাৰ

সংবাদদাতা, তিনিচুকীয়া : টিংৰাইত যোৱা ১৪ মে’ত দিন দুপৰতে সংঘটিত হোৱা ভয়ঙ্কৰ  গ্ৰেণেড বিস্ফোৰণৰ সৈতে জড়িত দুয়োজন যুৱককে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী। হীৰেন গগৈ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা পিছতে লক্ষীপথাৰৰ পৰাই গ্ৰেপ্তাৰ কৰে আনজন যুৱক ৰঞ্জিত চাংমাইক।

দুুুইজনকে সোধা-পোছাৰ বাবে  ডিগবৈৰ সেনা বাহিনীৰ জিম্মাত ৰাখিছে। আজি পুৱা প্ৰথমে লক্ষীপথাৰৰ পৰা মুনু ওৰফে হীৰেন গগৈ নামৰ যুৱকজনক গ্ৰেপ্তাৰ কৰা হৈছিল। টিংৰাইত সংঘটিত হোৱা ভয়ঙ্কৰ বিস্ফোৰণত দুজন নিহত হোৱাৰ লগতে দুজন আহত হৈছিল।

বোমা বিস্ফোৰণত ব্যৱহাৰ কৰা ক’লা ৰঙৰ পালছাৰ বাইকখনো জব্দ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে বিস্ফোৰণকাৰী যুৱকজনৰ CCTVৰ পৰা ফটো সংগ্ৰহ কৰি প্ৰকাশ কৰি সন্ধান দিওতালৈ ২ লাখ টকাৰ পুৰস্কাৰ ঘোষণা কৰিছিল তিনিচুকীয়া আৰক্ষীয়ে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: