অসম

টীয়ক এফ আৰ ইউ ত ক’ভিড পৰিস্থিতিৰ বুজ ল’লে বিধায়িকা ৰেণুপমা ৰাজখোৱাই

সংবাদদাতা, পূৱ ‌যোৰহাট : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত কেবিনেট মন্ত্ৰী সকলে জিলাই জিলাই কভিড পৰিস্থিতিৰ বুজ লোৱাৰ সময়তে বহি থকা নাই বিধায়ক সকল আজি টীয়ক সমষ্টিৰ  বিধায়িকা ৰেণুপমা  ৰাজখোৱাই  টীয়কৰ প্ৰথম প্ৰেৰিত চিকিৎসালয় ( Teok FRU ) চিকিৎসক

সকলৰ সৈতে ক’ভিড মহামাৰী  সংক্ৰমণ ৰোধৰ সম্পৰ্কত আলোচনাত মিলিত হোৱাৰ লগতে চিকিৎসালয়খনৰ সমস্যাসমূহৰ ওপৰত আলোচনা কৰা কৰে। আলোচনাৰ অন্তত  বিধায়িকা গৰাকীয়ে চিকিৎসালয়খনৰ  সমস্যা সমূহ পৰ্যায়ক্ৰমে  সমাধান কৰাৰ আশ্বাস প্ৰদান  কৰে।

টীয়ক সমষ্টিৰ অসম গণ পৰিষদৰ সভাপতি যুৱনেতা বিকাশ শইকীয়াইও আজিৰ আলোচনাত অংশগ্ৰহণ কৰি কভিডৰ সৈতে এঘৰী যুঁজিবলৈ সকলোকে আহ্বান জনায়। বিধায়িকা গৰাকী কালিলৈ কাকজান আৰু ভগামুখ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ গৈ পৰিস্থিতিৰ বুজ লোৱাৰ কথা।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: