অসম

টেঙাগুৰিত ড্ৰাগছ ক্ৰয় কৰিবলৈ আহি দুই যুৱক আটক

সংবাদদাতা, লাহৰীঘাট:- লাহৰীঘাটৰ টেঙাগুৰিত ড্ৰাগছ ক্ৰয় কৰিবলৈ আহি দুই যুৱক আটক হয়। লাহৰীঘাট থানাৰ অন্তৰ্গত টেঙাগুৰিৰ ৰাজু নামৰ ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা ড্ৰাগছ ক্ৰয় কৰিবলৈ আহিছিল যুৱক দুজন। ড্ৰাগছ ক্ৰয় কৰিবলৈ অহা যুৱক দুজন মায়ংৰ বুৰাবুৰীৰ বুলি জানিব পৰা গৈছে। শুক্ৰবাৰে দুপৰীয়া টেঙাগুৰি সমন্বয় ৰক্ষী সমিতিয়ে যুৱক দুজনক আটক কৰি লাহৰীঘাট আৰক্ষীক চমজাই দিয়ে। আটকাধীন যুৱক দুজন ক্ৰমে এহিয়া আহমেদ(২৭) আৰু নুৰ আজাদ ওৰফে জুৱেল(২৮) বুলি জানিব পৰা গৈছে। দুয়োৰে ঘৰ মায়ং থানাৰ অন্তৰ্গত বুৰাবুৰী গাঁৱত বুলি জানিব পৰা গৈছে। ড্ৰাগছ আসক্ত যুৱক দুজন ময়ংৰ বুৰাবুৰীৰ পৰা টেঙাগুৰিৰ ড্ৰাগছ সৰবৰাহকাৰী ৰাজু আহমেদৰ পৰা ড্ৰাগছ ক্ৰয় কৰি মাকৈ খেতিত বহি খাই থকা অৱস্থাত টেঙাগুৰি সমন্বয় ৰক্ষী সমিতিৰ সদস্যসকলে আটক কৰে যদিও সৰবৰাহকাৰী ৰাজু পলায় যাবলৈ সক্ষম হয়। উল্লেখ্য যে, টেঙাগুৰি সমন্বয় ৰক্ষী সমিতি যে বহু দিন ধৰি অঞ্চলটোৰ পৰা ড্ৰাগছৰ লগতে অসামাজিক কাৰ্য্যকলাপ দূৰ কৰিবলৈ অভিযান চলাই আছে। সমিতিৰ এই ড্ৰাগছ বিৰোধী অভিযানত আজি দুজনকৈ ড্ৰাগছ আসক্ত যুৱক আটক কৰিবলৈ সক্ষম হয়। পৰৱৰ্তী সময়ত লাহৰীঘাট আৰক্ষীৰ লগত যোগাযোগ কৰি ড্ৰাগছ আসক্ত যুৱক দুজনক আৰক্ষীৰ হাতত চমজাই দিয়ে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button