অসম

টেঙাগুৰিৰ এখন দলঙে জলাকলা খুৱাইছে সৰ্বসাধাৰণক

ঠিকাদাৰৰ হেমাহিৰ বাবেই ডেৰ বছৰেও সম্পূৰ্ণ নহ'ল দলংখন

সংবাদদাতা, লাহৰীঘাট:- এখন পকী দলং। পকী দলংখনে যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগৰ ভোগাইছে বৃহত্তৰ লাহৰীঘাট ভূৰাগাঁও অঞ্চলৰ জনসাধাৰণক। দলংখন লাহৰীঘাট বিধানসভা সমষ্টিৰ টেঙাগুৰি বজাৰৰ গাতে লাগি থকা। নগাঁও-ভূৰাগাঁও সংযোগী একমাত্ৰ গড়কাপ্তানি পথটোৰ সংযোগী দলং। ২০১৮ চনৰ বানপানীয়ে পকী দলংখনৰ এটা মূৰ খহাই নিয়াৰে পৰা উন্মুক্ত হৈ আছে। আজিৰ পৰা প্ৰায় ডেৰ বছৰ আগতে এজন ঠিকাদাৰে পকী

দলংখনৰ লগতে কাঠৰ দলঙৰ ঠিকা লাভ কৰি নিৰ্মাণ কাম আৰম্ভ কৰিছিল। দলংখনৰ নিৰ্মাণ কাম চলিয়ে আছে যদিও আজি ডেৰ বছৰেও সম্পূৰ্ণ নহ’ল দলংখন। যাৰ ফলত যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগৰ ভুগিছে সৰ্বসাধাৰণ ৰাইজ। স্থানীয় ৰাইজৰ অভিযোগ ঠিকাদাৰৰ হেমাহিৰ বাবে ইমান দিনে সম্পূৰ্ণ হোৱা নাই দলংখনৰ কাম। ইপিনে নগাঁও-ভূৰাগাঁও সংযোগী এক মাত্ৰ গড়কাপ্তানিটোৰ এনে অৱস্থাই দুৰ্ভোগ ভুগিছে স্থানীয় ৰাইজে। মাত্ৰ ত্ৰিশ মিটাৰ দলংখনৰ বাবে কেইবা কিলোমিটাৰ ঘূৰি যাবলগীয়া হয়।

মূল গড়কাপ্তানি পথটোৰ বিকল্প হিচাপে জলসম্পদ বিভাগে নিৰ্মাণ কৰা মথাউৰিৰ ওপৰৰে কেইবা কিলোমিটাৰ ঘূৰি যাতায়ত অব্যাহত আছিল যদিও বাৰিষাকালত সেয়া অসম্ভৱ হৈ পৰিছে। অলপ বৰষুণ দিলেই ঘাড়ী মটৰ ট্ৰেক্টৰেৰে টানিব লগীয়া অৱস্থাৰ সন্মুখীন হয়। একমাত্ৰ দলংখন সম্পূৰ্ণ হৈ নুঠাত বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে যাতায়তৰ ক্ষেত্ৰত বিভিন্ন অসুবিধাৰ সন্মুখীন হবলগীয়া হৈছে। সেয়ে অতি কম সময়ৰ ভিতৰত দলংখনৰ কাম সম্পূৰ্ণ কৰিবলৈ অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগলৈ দাবী জনাইছে স্থানীয় ৰাইজৰ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: