অসম

টেঙাগুৰি গাঁও পঞ্চায়ত আঞ্চলিক সদস্যা অজহিয়া শ্বাহানৰ বানাক্ৰান্তৰ ঘৰে-ঘৰে গৈ খাদ্য-সামগ্ৰী বিতৰণ

সংবাদদাতা, লাহৰীঘাট:- ৰাজ্যৰ বিভিন্ন প্ৰান্তত ভদীয়া বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ ফলত বহু বানাক্ৰান্তই এক বিভিষীকাময় পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হৈছে।বহু দৰিদ্ৰলোকে বানৰ কৱলত পৰি অনিদ্ৰা অনাহাৰে দিন কটাবলগীয়া পৰিস্থিতিৰ সন্মুখীন হৈছে। ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰু ভূৰাগাঁও ৰাজহচক্ৰৰ অন্তৰ্গত বহু কেইখন গাঁও বানৰ কৱলত।বানৰ কৱলত পৰি বহুলোকে নিজ ঘৰ-বাৰী এৰি মথাউৰি অথবা ওখ ঠাইত আশ্ৰয় গ্ৰহণ কৰি আছে যদিও বৰ্তমান সময়লৈকে চৰকাৰ প্ৰশাসনৰ পৰা কোনো ধৰণৰ সহায় পোৱা নাই বানাক্ৰান্তই। ভূৰাগাঁও ৰাজহচক্ৰৰ অন্তৰ্গত টেঙাগুৰি গাঁও পঞ্চায়তৰ অন্তৰ্গত বানৰ কৱলত পৰা টেঙাগুৰি কছাৰী গাঁও, হলৌকান্দা, বৰহলৌকান্দা, হাতীলৰুৱা পথাৰৰ প্ৰায় চাৰি শতাধিক পৰিয়ালক আজি টেঙাগুৰি গাঁও পঞ্চায়তৰ অঞ্চলিক সদস্যা অজহিয়া শ্বাহানে তেখেতৰ স্বামী তথা টেঙাগুৰি অঞ্চলৰ বিশিষ্ট শিক্ষক জয়নাল আব্দিনৰ সহযোগত খাদ্য সামগ্ৰী যোগান ধৰে।আঞ্চলিক সদস্যা গৰাকীৰ লগতে তেখেতৰ স্বামী জয়নাল আব্দিনে বানাক্ৰান্তৰ ঘৰে ঘৰে গৈ বুজ লোৱাৰ লগতে চিৰা, চেনি, বিস্কুতৰ লগতে খাদ্য-সামগ্ৰী যোগান ধৰে। আঞ্চলিক সদস্যা অজহিয়া শ্বাহানৰ লগতে তেখেতৰ স্বামী জয়নাল আব্দিনৰ এনে পদক্ষেপক বানাক্ৰান্তই শলাগ লোৱাৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰে ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: