অসম

ঠক-প্ৰৱঞ্চনাৰ বলি হ’ল খাৰুপেটিয়াৰ কৃষক

সংবাদদাতা, খাৰুপেটীয়া : ঠক প্ৰৱঞ্চনাৰ বলি হৈ মূৰে কপালে হাত দিবলগীয়া হল খাৰুপেটিয়াৰ এগৰাকী কৃষক। এজেন্টে দিয়া গেৰান্টিযুক্ত ফুল কবিৰ খেতি কৰি লোকচান হল হাজাৰ হাজাৰ টকা। সহজ সৰল কৃষক সকলক ৰাম ঠগন দি একাংশ অসাধু চক্ৰই ধন ঘটাত নামি পৰিছে।

অভিযোগ দিয়া মতে , জিলাখনৰ  খাৰুপেটীয়া আৰক্ষী থানাৰ  অন্তৰ্গত বাঘৰবাঢ়ি গাঁৱৰ মোছাৰফ হুছেইন নামৰ এগৰাকী কৃষকক গেৰান্টি দি অধিক দামত বিক্ৰী কৰা ফুল কবিৰ গুটিয়ে ৰাম টাঙোন সুধাইছে।

প্ৰায় চাৰি মাহ পূৰ্বে ফুল কবিৰ গুটি কিনিবলৈ নেপালী বজাৰৰ এখন দোকান লৈ যায় কৃষক গৰাকীয়ে। সেই সময়ত উক্ত দোকানত বহি আছিল দলগাওঁ আৰক্ষী থানাৰ অন্তৰ্গত কৰিমগঞ্জ গাঁৱৰ ৰফিকুল ইছলাম নামৰ এজেন্ট এজন।

ফুল কবিৰ গুটি বিচৰাত এজেন্ট জনে উন্নত জাতৰ কবিৰ গুটি বুলি কেবেৰি ফুল কবিৰ গুটি দিয়ে। ৬৫ ৰ পৰা ৭০ দিনত ফুল অহাৰ  গেৰান্টিযুক্ত কবি বৰ্তমান খেতিত  ১২০ দিন পাৰ হ’ল । কিন্তু কবিত নাহিল ফুল। প্ৰায় ২৫/৩০ হাজাৰ টকা খৰচ কৰি কবিৰ ফুল  নহাত হতাশাগ্ৰস্ত হৈ পৰিছে কৃষক গৰাকী।

উল্লেখযোগ্য যে গাওঁ খনৰ অন্যান্য কৃষক সকলে বেলেগ জাতৰ ফুল কবি কৰি প্ৰায় বিক্ৰী সম্পন্ন কৰিছে। কিন্তু মোছাৰফ হুছেইন নামৰ কৃষক গৰাকীৰ খেতিত ফুল নহাত মানসিক ভাৱে ভাঙি পৰিছে তেওঁ। ৰফিকুল ইছলাম নামৰ এজেন্ট এজনে সহজ সৰল কৃষকক গেৰান্টি দি ফুল কবিৰ গুটি বিক্ৰী কৰে।

কৃষকক ৰাম ঠগন দিয়া এজেন্ট ৰফিকুল ইছলামে উমান পাই ৰিচিপ নকৰে কৃষকৰ ফোন। যাৰ ফলত ব্যাপক লোকচানৰ সন্মুখীন হৈ হতাশাত  ভাগি পৰিছে  কৃষক মোছাৰফ হুছেইন। উল্লেখযোগ্য যে ভোক্তভোগী কৃষক গৰাকীয়ে আইনৰ আশ্ৰয় লব বুলি জানিবলৈ দিয়ে। উচিত তদন্তৰ লগতে ক্ষতিপূৰণৰ দাবী জনাইছে কৃষক মোছাৰফ হুছেইনে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: