অসম

ঠেঙাল কছাৰী স্বায়ত্ত্ব পৰিষদৰ নিৰ্বাচনী প্ৰচাৰৰ অন্তিম দিনত মিত্ৰজোঁটৰ হৈ প্ৰচাৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ

সংবাদদাতা, মেৰাপানী:- ৰাজ্যত অহা ২০ জানুৱাৰীত অনুষ্ঠিত হ’ব লগা ঠেঙাল কছাৰী স্বায়ত্ত পৰিষদৰ নিৰ্বাচনৰ প্ৰচাৰৰ আজি অন্তিমটো দিন। ৰাজনৈতিক দলসমূহে শেষবাৰৰ বাবে ভোটাৰক আকৰ্ষিত কৰি নিজ নিজ দলৰ প্ৰাৰ্থীক জয়ী কৰাৰ বাবে অন্তিম প্ৰচাৰত ব্যস্ত থকা দেখা গ’ল মেৰাপানী অঞ্চলৰ তিনিওটা পৰিষদীয় সমষ্টিত। আজি ১৫ নং চাউদাং-দৈয়াং সমষ্টিৰ বিজেপিৰ প্ৰাৰ্থী পদ্মেশ্বৰ শইকীয়া (নিৰ্মল) ৰ হৈ প্ৰচাৰ চলাবলৈ মেৰাপানীত উপস্থিত হ’ল ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত। মন্ত্ৰী গৰাকীয়ে এই নিৰ্বাচনত বিজেপি মিত্ৰজোঁটৰ সকলো প্ৰাৰ্থীৰ জয় নিশ্চিত বুলি দাবী কৰি ৰাইজক ভোট দিয়াৰ আহ্বান জনায়। ইফালে বিজেপিৰ সমৰ্থিত প্ৰাৰ্থী পদ্মেশ্বৰ শইকীয়াই তেওঁৰ জয় নিশ্চিত বুলি দাবী কৰি কংগ্ৰেছৰ প্ৰাৰ্থী গৰাকী পৰাভূত কৰাৰ হুংকাৰ দিয়ে। ইয়াৰ পাছতে মন্ত্ৰী কেশৱ মহন্তই কাছমাৰী সমষ্টিৰ অগপ সমৰ্থিত মিত্ৰজোঁটৰ প্ৰাৰ্থী শিখামণি ঠেঙাল বৰুৱাৰ হৈ ও প্ৰচাৰ চলায়। ইফালে আজি ১৫ নং চাউদাং-দৈয়াং সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী উৎপল ঠেঙালৰ হৈ প্ৰচাৰ চলালে কংগ্ৰেছ নেতা বিতোপন শইকীয়াই। আনহাতে চাউদাংপথাৰ সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ছায়া ঠেঙালে ঘৰে ঘৰে গৈ ৰাইজৰ কাষ চাপি অন্তিম প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়। উল্লেখ্য যে, এইবাৰ পৰিষদীয় নিৰ্বাচনত ১৩ নং কাছমাৰী সমষ্টিত ৩৭৩০ গৰাকী, ১৪ নং চাউদাংপথাৰ সমষ্টিত ৪৪২৪ গৰাকী আৰু ১৫ নং চাউদাং-দৈয়াং সমষ্টিত ৩৫৭৭ গৰাকী ভোটাৰে কংগ্ৰেছ, বিজেপি, চি পি আই আৰু নিৰ্দলীয়সহ সৰ্বমুঠ ৮ গৰাকী প্ৰাৰ্থীৰ জয় পৰাজয় নিৰ্ণয় কৰিব।

Show More

Leave a Reply

Your email address will not be published.

Back to top button