অসম

ঠেঙাল কছাৰী স্বায়ত্বশাসিত পৰিষদৰ নিৰ্বাচনৰ ফলাফল ঘোষণা

সংবাদদাতা, গোলাঘাট:- ঠেঙাল কছাৰী স্বায়ত্ত্বশাসিত পৰিষদৰ অধীনৰ গোলাঘাট মহকুমাৰ ৪টা সমষ্টি আৰু ধনশিৰি মহকুমাৰ এটা সমষ্টিৰ নিৰ্বাচনৰ আজি ভোটগণনা কৰা হয়। ফলাফল অনুসৰি গোলাঘাট মহকুমাৰ চাৰিটা সমষ্টিৰ ভিতৰত দুটা বিজেপিয়ে, এটা অসম গণ পৰিষদে আৰু এটা কংগ্ৰেছ দলে লাভ কৰে। আনহাতে ধনশিৰি মহকুমাৰ অধীনৰ একমাত্ৰ আসনখন কংগ্ৰেছৰ দখললৈ যায়। গোলাঘাট মহকুমাৰ চাৰিটা সমষ্টিত মুঠ ১৩, ৮৭৪টা ভোট বৈধ হোৱাৰ বিপৰীতে ৪৭১টা ভোট নাকচ হয়। ফলাফল অনুসৰি ১১ নং ঠেঙাল কমাৰগাঁও সমষ্টিত বিজেপিৰ হৰপ্ৰভা ঠেঙালে ৪১৬টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। তেওঁ ২, ৬৯৩টা ভোট লাভ কৰে। কংগ্ৰেছৰ বিপিন বৰাই ২, ২৭৭টা ভোট লাভ কৰে। সমষ্টিটোত মুঠ ৪, ৯৭০টা ভোট বৈধ হোৱাৰ বিপৰীতে ১৯৫টা নাকচ হয়‌। আনহাতে ১৩ নং কাছমাৰী সমষ্টিত অসম গণ পৰিষদ দলৰ শিখামনি ঠেঙাল বৰুৱাই ৩০১টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। তেওঁ ১, ১৭৮টা ভোট লাভ কৰে। কংগ্ৰেছৰ জাহ্নৱী শইকীয়াই ৮৭৭টা ভোট লাভ কৰে। নিৰ্দলীয় প্ৰাৰ্থী পৰীস্মিতা ঠেঙালে ৬৭৬টা ভোট লাভ কৰে। সমষ্টিটোত মুঠ ২, ৭৩১টা ভোট বৈধ হোৱাৰ বিপৰীতে ৯২টা ভোট নাকচ হয়। ১৪ নং চাউদাংপথাৰ সমষ্টিত কংগ্ৰেছৰ ছায়া ঠেঙালে ৯৭৬টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। তেওঁ ২, ১৩৯টা ভোট লাভ কৰে। বিজেপিৰ স্মৃতিৰেখা ঠেঙালে ১, ১৬৩টা ভোট লাভ কৰে। চি পি আইৰ ভাস্কৰ ঠেঙালে ১০৭টা ভোট লাভ কৰে। সমষ্টিটোত ৩, ৪০৯টা ভোট বৈধ হোৱাৰ বিপৰীতে ৯৬টা ভোট নাকচ হয়। ১৫ নং চাউদাংপথাৰ দৈয়াং সমষ্টিত বিজেপিৰ পদ্মেশ্বৰ শইকীয়াই ৪৯২টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। তেওঁ ১, ৬২৮টা ভোট লাভ কৰে। কংগ্ৰেছৰ উৎপল ঠেঙালে ১, ১৩৬টা ভোট লাভ কৰে। সমষ্টিটোত মুঠ ২৭৬৪টা ভোট বৈধ হোৱাৰ বিপৰীতে ৮৮টা নাকচ হয়। আনহাতে ধনশিৰি মহকুমাৰ অধীনৰ ১২ নং গেলাবিল সমষ্টিত কংগ্ৰেছ প্ৰাৰ্থী হিৰণ্য বৰাই ২৪৫টা ভোটৰ ব্যৱধানত জয়লাভ কৰে। তেওঁ ১, ২৮৭টা ভোট লাভ কৰে। বিজেপিৰ মিনালী হাজৰিকা শইকীয়াই ১, ০৪২টা আৰু আম আদমী পাৰ্টিৰ প্ৰাৰ্থী নাৰায়ণ বৰাই ৫৪টা ভোট লাভ কৰে। সমষ্টিটোত মুঠ ২, ৩৮৩টা ভোট বৈধ পোৱাৰ বিপৰীতে ৪১টা ভোট নাকচ হয়। উল্লেখযোগ্য যে গোলাঘাট মহকুমাৰ চাৰিটা আৰু ধনশিৰি মহকুমাৰ এটা সমষ্টিৰ বাবে যোৱা ২০ জানুৱাৰীত ভোটগ্ৰহণ কৰা হৈছিল। গোলাঘাট মহকুমাৰ চাৰিটা সমষ্টিত ৬৯.১৪ শতাংশ ভোটদান হয়। ১১ নং ঠেঙাল কমাৰগাঁও সমষ্টিত ৫৮.৬৪ শতাংশ, মহিলাৰ বাবে সংৰক্ষিত ১৩ নং কাছমাৰী সমষ্টিত ৭৫.৫৪ শতাংশ, ১৪ নং চাউদাং পথাৰ সমষ্টিত ৭৭.৫৪ শতাংশ আৰু ১৫ নং চাউদাং পথাৰ দৈয়াং সমষ্টিত ৭৭.৩৯ শতাংশ ভোটদান হয়। আনহাতে ধনশিৰি মহকুমাৰ অধীনৰ ১২ নং গেলাবিল সমষ্টিত ৭৭.৭১ শতাংশ ভোটদান হয়। গোলাঘাট মহকুমাৰ আটাইকেইটা সমষ্টিত মুঠ ভোটদাতাৰ সংখ্যা ২০, ৭৪৯ জন। ইয়াৰে ১০, ৫৭৬জন পুৰুষ আৰু ১০, ১৭৩ গৰাকী মহিলা ভোটদাতা। সমষ্টিকেইটাত মুঠ ১৪, ৩৪৫জন ভোটদাতাই ভোটদান কৰে। ইয়াৰে ৭, ১৩১জন পুৰুষ আৰু ৭, ২১৪ গৰাকী মহিলা ভোটদাতা। ১১ নং ঠেঙাল কমাৰগাঁও সমষ্টিত মুঠ ৫, ১৬৫জন ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে। ইয়াৰে ২, ৫৭০জন পুৰুষ আৰু ২, ৫৯৫ গৰাকী মহিলা ভোটদাতা। ১৩ নং কাছমাৰী সমষ্টিত ২, ৮২৩জন ভোটদাতাই ভোটদান কৰে। ইয়াৰে ১, ৩৯৮জন পুৰুষ আৰু ১, ৪২৫ গৰাকী মহিলা ভোটদাতা। ১৪ নং চাউদাংপথাৰ সমষ্টিত মুঠ ৩, ৫০৫জন ভোটদাতাই ভোটাধিকাৰ সাব্যস্ত কৰে। ইয়াৰে ১, ৭৬০জন পুৰুষ আৰু ১, ৭৪৫ গৰাকী মহিলা ভোটদাতা। ১৫ নং চাউদাংপথাৰ দৈয়াং সমষ্টিত ২, ৮৫২জন ভোটদাতাই ভোট দিয়ে। ইয়াৰে ১, ৪০৩জন পুৰুষ আৰু ১, ৪৪৯ গৰাকী মহিলা ভোটদাতা। আনহাতে ধনশিৰি মহকুমাৰ গেলাবিল সমষ্টিত মুঠ ২, ৪৪১জন ভোটদাতাই ভোটদান কৰে। ইয়াৰে ১, ২১৩জন পুৰুষ আৰু ১, ২২৮ গৰাকী মহিলা ভোটদাতা।

Show More

Leave a Reply

Your email address will not be published.

Back to top button