আন্তঃৰাষ্ট্ৰীয়

ডিব্ৰুগড় লাহোৱালৰ ICMRৰ বিজ্ঞানীৰ সফলতা

২ ঘণ্টাৰ ভিতৰত অ'মিক্ৰণ চিনাক্তকৰণৰ বিশেষ কিট নিৰ্মাণ বিশ্বজিৎ বৰকটকীৰ

শেহতীয়াকৈ দক্ষিণ আফ্ৰিকাত ধৰা পৰিছিল ক’ভিডৰ নতুন প্ৰকাৰ অ’মিক্ৰণ। তাৰ পাছতে দক্ষিণ আফ্ৰিকাৰ লগতে বিশ্বৰ কেইবাখনো দেশত এই নতুন ভাইৰাছ বিধৰ সংক্ৰমণ আৰম্ভ হৈছিল। ইতিমধ্যে বিশ্বৰ কেইবাখনো দেশত এই ভাইৰাছৰ অৱস্থিতি ধৰা পৰিছে। ক’ভিডৰ সংক্ৰমণ কিছু হ্ৰাস হোৱাৰ সময়তে ভাৰততো এই নতুন প্ৰকাৰৰ সংক্ৰমণ আৰম্ভ হোৱাৰ লগে লগে চিন্তিত হৈছে ভাৰতৰ বিজ্ঞানীসকল। অসমতা ইতিমধ্যে প্ৰথমজন অ’মিক্ৰণ ৰোগী চিনাক্ত হৈছে। ইতিমধ্যে এই নতুন প্ৰকাৰটো সন্দৰ্ভত বিভিন্ন ধৰণৰ পৰীক্ষা-নিৰীক্ষাও চলি আছে। কিন্তু ইয়াৰ মাজতে আহিছে এটা আশাপ্ৰদ খবৰ। এতিয়াৰে পৰা অতি কম সময়ৰ ভিতৰতে এটা নমুনাত অ’মিক্ৰণৰ অৱস্থিতি জানিব পৰা যাব। অসমৰ এগৰাকী বিজ্ঞানীয়ে নিৰ্মাণ কৰিছে এক বিশেষ অ’মিক্ৰণ চিনাক্তকৰণ কিট। ডিব্ৰুগড় লাহোৱালৰ ICMRৰ বিজ্ঞানীগৰাকীয়ে নিৰ্মাণ কৰা বিশেষ কীটৰ জৰিয়তে অতি কম সময়ত অৰ্থাৎ ২ ঘণ্টাৰ ভিতৰতে জানিব পৰা যাব অ’মিক্ৰণৰ অৱস্থিতি। ডিব্ৰুগড়ৰ জ্যেষ্ঠ বিজ্ঞানী বিশ্বজিৎ বৰকটকীয়ে নিৰ্মাণ কৰিছে এই বিশেষ কিট। সম্প্ৰতি ক’ভিডৰ এই প্ৰকাৰটো ধৰা পেলোৱাৰ বাবে এক দীঘলীয়া সময়ৰ প্ৰয়োজন হয়। কিন্তু অ’মিক্ৰণ চিনাক্তকৰণৰ ক্ষেত্ৰত এই বিশেষ কিটে এশ শতাংশ সহায়ক হ’ব বুলি দাবী কৰিছে অসমৰ বিজ্ঞানীগৰাকীয়ে। ডিব্ৰুগড়ৰ লাহোৱাল ICMR য়ে বায়’টেক কোম্পানীৰ সৈতে এই বিশেষ কিটৰ ওপৰত ইতিমধ্যে আলোচনা কৰিছে। অতি শীঘ্ৰে এই কিট বজাৰত মুকলি কৰি দিয়া হ’ব বুলিও উল্লেখ কৰে বিজ্ঞানীগৰাকীয়ে। সমগ্ৰ বিশ্বৰে বিজ্ঞানীসকলে অ’মিক্ৰণ সন্দৰ্ভত পৰীক্ষা নিৰীক্ষা চলাই থকাৰ মাজতে এগৰাকী অসমৰ বিজ্ঞানীৰ এই উদ্ভাৱনে নিশ্চিতভাৱে অসমৰ লগতে ভাৰতবাসীক গৌৰৱান্বিত কৰি তুলিছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: