ডিমাকুচিত হৰিণা পহু হত্যা

সংবাদদাতা, টংলা:- ৰাজ্যত এশিঙিয়া গড়ৰ হত্যাৰ পিছত এইবাৰ হৰিণা পহু হত্যাই সচেতন মহলত তীব্ৰ প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ডিমাকুছিত। ওদালগুৰি জিলাৰ অন্তৰ্গত ডিমাকুছিত মৃত হৰিণা পহু উদ্ধাৰ হোৱা ঘটনাই উদঙাই দিছে বন বিভাগৰ ফপোলা স্বৰূপ। প্ৰাপ্ত তথ্য মতে দুষ্কৃতিকাৰীয়ে মনে মনে হত্যা কৰে প্ৰকাণ্ড হৰিণটো। খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা জনাঞ্চললৈ ওলাই আহি মৃত্যুক আকোঁৱালি ল’বলগীয়া হ’ল হৰিণাটোৱে। ডিমাকুছিৰ কুনাল বৰুৱা নামৰ ব্যক্তিগত চাহ বাগিছাত কৰ্মৰত শ্ৰমিকে হৰিণটো প্ৰত্যক্ষ কৰি ডিমাকুছি আৰক্ষী থানাত অৱগত কৰায় আৰু লগে-লগে ঘটনাস্থলীত ননৈ ৰেঞ্জৰ বনকৰ্মী উপস্থিত হৈ মৃত হৰিণটোৰ মৰণোত্তৰ পৰীক্ষাৰ ব্যাৱস্থা কৰে। মৃত হৰিণটোৰ মুৰত ঘপিওৱা চিন স্পষ্ট আছে। উল্লেখ যে অঞ্চলটোত প্ৰায়ে হৰিণা পহু, বন গাহৰি দুষ্কৃতিকাৰীয়ে হত্যা কৰি মাংস খাই বিক্ৰী কৰি আহিছে যদিও আজিলৈকে এজনকো আটক কৰিব পৰা নাই প্ৰশাসনে এই বুলি অভিযোগ ৰাইজৰ। অঞ্চলটোত এটিয়া যেন হৰিণাই মাংসই বৈৰী হৈ পৰিছে। ৰাইজে দুষ্কৃতিকাৰীক চিনাক্ত কৰি শাস্তি প্ৰদান কৰাৰ বাবে দাবী জনায়।