অসম

ডিমাকুছিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা, মন্ত্ৰী ৰণোজ পেগুৰ পুত্তলিকা দাহ আদিবাসী ছাত্ৰ সন্থাৰ

সংবাদদাতা, টংলা:- ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠকে ৰাজ্যখনৰ চাহ জনগোষ্ঠীৰ লোকসকলক অন্যান্য পিছপৰা শ্ৰেণীৰ প্ৰমাণপত্ৰ উলিওৱাৰ ক্ষেত্ৰত সন্মুখীন হৈ অহা জটিলতা দূৰ কৰাৰ প্ৰতি লক্ষ্য ৰাখি এতিয়াৰ পৰা অ’বিচি বোৰ্ডৰ পৰিবৰ্তে চাহ জনজাতি জাতীয় সন্মিলন নামৰ অনুষ্ঠানটোক চাহ জনগোষ্ঠীৰ লোকসকলক জাতিৰ প্ৰমাণপত্ৰ দিয়াৰ বাবে কৰ্তৃত্ব প্ৰদান কৰা কাৰ্যৰ বিৰুদ্ধে সদৌ আদিবাসী আজি ও ছাত্ৰ সন্থা প্ৰতিবাদমুখৰ হৈ পৰিছে। আজি আদিবাসী ছাত্ৰ সন্থাৰ ওদালগুৰি জিলা সমিতিয়ে ডিমাকুছিৰ শুক্লাইত কেবিনেটৰ এই সিদ্ধান্তৰ বিৰুদ্ধে বিভিন্ন শ্ল’গান দি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মন্ত্ৰী ৰনোজ পেগুৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ওদালগুৰি জিলা আছাৰ নেতা বাবুল পাইক, প্ৰতাপ সিং গোড় আৰু ৰবিৰাম বাস্কেৰ নেতৃত্বত কেইবা শতাধিক ছাত্ৰকৰ্মীয়ে প্ৰতিবাদত অংশ লয়।প্ৰতিবাদকাৰীসকলে আদিবাসী জনগোষ্ঠীৰ লোকসকলক চাহ জনগোষ্ঠী ৰূপে প্ৰমাণপত্ৰ প্ৰদানৰ লোৱা সিদ্ধান্তৰ তীব্ৰ বিৰোধিতা কৰে। প্ৰতিবাদকাৰী সকলে হিমন্ত বিশ্ব শৰ্মা মূৰ্দাবাদ, ৰনোজ পেগু মূৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মাৰ কাম নাই, ৰনোজ পেগু হাই-হাই, এই জুই জ্বলিছে জ্বলিবই, আছা জিন্দাবাদ, আমাৰ দাবী মানিবই লাগিব আদি ধ্বনিত ডিমাকুছিৰ শুক্লাইৰ আকাশ-বতাহ মুখৰিত কৰে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button