নিবন্ধ

বলীউডৰ ৰঙীন জগত, ড্ৰাগছ আৰু আৰিয়ান খান

নিবাৰণ কাকতি

আমি দেখা বলিউডৰ জাক-জমকতাৰ আৰৰ পৃথিৱীখন সকলোৰে বাবে ৰহস্যৰ বিষয়৷ এই উজ্জ্বল পৃথিৱী খনৰ আৰতো আছে বহু অন্ধকাৰ ৰহস্য৷ সময়ে সময়ে এই গোপন ৰহস্য ফাদিল হোৱা দেখো৷ ড্ৰাগছ হৈছে বলীউডৰ ৰঙীন জগত খনৰ এক গোপন ৰহস্য৷ ড্ৰাগছ আৰু বলীউডৰ যেন এক এৰাব নোৱাৰা সম্বন্ধ আছে৷ বিভিন্ন সময়ত বিভিন্ন তাৰাকাৰ ড্ৰাগছ আসক্তিৰ খবৰে মানুহৰ মাজত চৰ্চা লাভ কৰে৷ শেহতীয়াকৈ বলীউডৰ বাদশ্বাহ শ্বাহৰুখ খানৰ পুত্ৰ আৰিয়ান খানৰ ড্ৰাগছ আসক্তিৰ খবৰে সকলোতে চৰ্চা লাভ কৰিছে৷ মুম্বাইৰ এটা পাৰ্টীত NCB য়ে চলোৱা তালাচিত গেপ্তাৰ হোৱা আৰিয়ান খান বৰ্তমান জেলত বন্ধী হৈ আছে৷ আৰিয়ান খানৰ জামিন আবেদনৰ শুনানী আদালতে বহুবাৰ দিছে যদিও আজিলৈ জামিন আবেদনৰ মঞ্জুৰী দিয়া নাই৷ বলীউডৰ আৰিয়ান খানৰ ঘটনাটোৱেই প্ৰথম নহয় ইয়াৰ আগতেও এনে বহু ঘটনা পোহৰলৈ আহিছিল৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছৰ ঘটনা বিলাক মানুহৰ মনত এতিয়াও সজীৱ হৈ আছে৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ লগত ড্ৰাগছৰ কিবা নহয় কিবা প্ৰকাৰে সম্পৰ্ক নিশ্চয় আছিল৷ এই বিষয়ে পুলিছে দীপিকা পাদুকন, শ্ৰদ্ধা কাপুৰ আদিৰ দৰে জনপ্ৰিয় অভিনেত্ৰীক সুধ পোছৰ বাবে মাতিছিল৷

এই ঘটনাবোৰেই প্ৰমাণ কৰে যে বলীউডৰ জগতখন ড্ৰাগছৰ কবলত ভালকৈয়ে পৰিছে৷ বলীউডৰ বহু তাৰাকা ইয়াৰ আগতে ড্ৰাগছৰ কবলত পৰিছে৷ সঞ্জয় দত্তক ইয়াৰ ব্ৰেণ্ড অম্বেচাদৰ বুলি কলেও ভুল কোৱা নহব নিশ্চয়৷ অভিনেতা ফাৰদিন খান, বিজয় ৰাজৰ নাম কেৱল ড্ৰাগছৰ লগত চৰ্চিত হোৱাই নহয় ইয়াৰ বাবে জেললৈও যাব লগা হৈছে৷ ইয়াৰ উপৰিও এনে বহু নাম আছে যিবিলাক এতিয়াও চৰ্চালৈ অহা নাই৷ ২০১২ চনত মুম্বাইৰ জুহুৰ এটা ৰেৱ(rave) পাৰ্টিত পুলিছে চলোৱা তালাচিত বহু অভিনেতা, টেলিভিছনৰ তাৰাকা, ধৰা পৰিছিল৷ সেই সময়ত এইটো ঘটনাই বহুত চৰ্চা লাভ কৰিছিল৷ আৰিয়ান খানৰ গ্ৰেপ্তাৰ হোৱা ঘটনাটোৰ পিছত বলীউড আৰু ড্ৰাগছৰ সম্পৰ্ক আকৌ এবাৰ মানুহৰ মাজত চৰ্চা হ’বলৈ ধৰিছে৷ সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ পিছত ভোজপুৰী চলচ্চিত্ৰৰ জনপ্ৰিয় অভিনেতা তথা বিজেপি দলৰ সাংসদ ৰবি কিষাণে সংসদত বলীউডত ড্ৰাগছ আসক্তিৰ বিষয়টোত চিন্তা দৰ্শাই নিজৰ বক্তব্য ৰাখিছিল৷ তাৰ প্ৰত্তোতৰত সমাজবাদী পাৰ্টীৰ সাংসদ তথা অভিনেত্ৰী জয়া বচ্চনে ৰবি কিষাণৰ বক্তব্যটো এক প্ৰকাৰৰ দাবি দমকিৰ সুৰত বিৰোধিতা কৰিছিল৷

জয়া বচ্চনৰ তেনে ব্যৱহাৰ সাংবাদ মাধ্যমত যথেষ্ট চৰ্চা লাভ কৰিছিল৷ ৰবি কিষাণ আৰু জয়া বচ্চনৰ বাক যুদ্ধত ৰবি কিষাণে উদ্ধাপন কৰা বিষয়টো তল পৰি ৰয়৷ লগতে ড্ৰাগছ আৰু বলীউডৰ বিষয়টোও লাহে লাহে তল‌ পৰি যায়৷ আজি যেতিয়া শ্বাহৰুখ খানৰ পুত্ৰক গ্ৰেপ্তাৰ কৰা হয় বলীউডৰ সকলোৱে মৌনতা অৱলম্বন কৰিছে৷ বলীউডৰ পৰিচালক, প্ৰযোজকৰ পৰা আৰম্ভ কৰি অভিনেতা অভিনেত্ৰী কোনেও এই বিষয়ে এটা শব্দও উল্লেখ কৰা নাই৷ দুই এজনে কৈছে যদিও ড্ৰাগছৰ বিষয়ে একো কোৱা নাই কৈছে আৰিয়ান খানৰ জামিনত হোৱা বিলম্বৰ কথা৷ দুই এজনে সামাজিক মাধ্যমত এই বুলিও কৈছে যে আৰিয়ান খান মূছলিম তাৰাকা অভিনেতাৰ পুত্ৰ হোৱা বাবে পুলিছে বিনা কাৰণত গ্ৰেপ্তাৰ কৰিছে৷ শ্বাহৰুখ খানক মূছলিম ছূপাষ্টাৰ হিচাপে চোৱা সেই লোকসকলৰ মানসিকতা কেনে স্তৰৰ নিজে অনুমান কৰি লওক৷

কিমান সাম্প্ৰদায়িক তেখেতসকলৰ চিন্তাধাৰা৷ এই সকল লোকৰ ওপৰত উচিত ব্যৱস্থা ল’ব লাগে৷ ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়ক মহম্মদ আজাহাৰুদ্দিনক মেছ ফিক্সিং ৰ অপৰাধত তালাচি চলাওতেও এই বুলি কৈছিল যে মূছলমান হোৱা বাবে মোক অনাহকত পুলিছে হাৰাশাস্তি দি আছে৷ ঠিক একে ঘটনাৰে পুনৰাবৃত্তি হৈছে আৰিয়ান খানৰ ঘটনাটোত৷ কেইজনমান লোকে আৰিয়ান খান মূছলমান হোৱা বাবে জামিন লাভ কৰাত পলম হোৱা কথাটো Twitter ৰ যোগেদি প্ৰকাশ কৰাত এক বিতৰ্কৰ সৃষ্টি হয়৷ এনেধৰণৰ সাম্প্ৰদায়িক কথা কোৱা ব্যক্তিসকলক কোনে বুজাব যে আৰিয়ান খানৰ গোচৰটোৰ শুনানি আদালতে বহুবাৰ দিলে যদিও অন্তিম সিদ্ধান্তত উপনীত হ’ব পৰা নাই৷ সকলো বিষয় তন্ন তন্নকৈ চাই এটা নিৰপেক্ষ সিদ্ধান্ত দিব৷ সেইখিনি বিশ্বাস আছে আমাৰ ন্যায় ব্যৱস্থাৰ ওপৰত৷ সকলো পক্ষকে সমানে সুবিধা প্ৰদান কৰিছে নিজৰ নিজৰ পক্ষ ৰাখিবলৈ৷

এবাৰ ভাবকচোন ড্ৰাগছৰ লগত জড়িত কোনটো গোচৰত আদালতে ইয়াৰ আগতে ইমান সময় দিছে৷ এই গোচৰটোত বেছি সময় দিব লগা হোৱা বাবে হয়টো অন্য কোনো গুৰুত্বপূৰ্ণ গোচৰৰ শুনানিত পলম হৈছে৷ কোনো লোকে লখিমপুৰ খেৰি ঘটনাটোত চৰ্চিত গৃহ ৰাজ্য মন্ত্ৰীৰ পুত্ৰ আৰু শ্বাহৰুখ খানৰ পুত্ৰ মাজত তুলনা কৰি ভাৰতীয় ন্যায় ব্যৱস্থাৰ ওপৰত প্ৰশ্ন কৰিছে৷ গণতান্ত্ৰিক দেশ এখনত সকলোৰে প্ৰশ্ন কৰাৰ অধিকাৰ আছে৷ লখিমপুৰ খেৰিৰ ঘটনাটোৰ ওপৰতো আদালতে নিৰপেক্ষ ভাবে নিজৰ কাম কৰি আছে আৰু আৰিয়ান খানৰ গোচৰটোৰ ওপৰতো আদালতে নিজৰ কাম কৰি আছে নিৰপেক্ষ ভাবে৷ গতিকে ন্যায় ব্যৱস্থাৰ ওপৰত বিনা কাৰণত প্ৰশ্ন উত্থাপন কৰাটো উচিত নহয়৷ এই দুয়োটা ঘটনাক তুলনা কৰা লোকসকলে একে কাম কৰি আছে যিটো কিছুদিন পূৰ্বে জয়া বচ্চনে কৰিছিল৷ ড্ৰাগছ আৰু বলীউডৰ সম্পৰ্ক তল পেলোৱা৷

শ্বাহৰুখ খানক আমি কোনেও বেয়া নাপাও৷ এই জটিল সময়ত সমগ্ৰ দেশবাসী তেওঁৰ লগত আছে৷ আৰিয়ান খানৰ এই ঘটনাটোৰ পৰা সকলোৱে এক শিক্ষা লোৱা উচিত, বিশেষকৈ যিসকল ব্যক্তিৰ সন্তান আৰিয়ান খানৰ বয়সৰ বা সম‌ পৰ্যায়ৰ৷ কিন্তু কিছুসংখ্যকে ইয়াক ৰাজনৈতিক অস্ৰ হিচাপে ব্যৱহাৰ কৰিছে৷ কিছু সংখ্যকে নিজৰ কল্পনা শক্তিৰে এইবুলিও কৈছে যে শ্বাহৰুখ খানৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ নৰেন্দ্ৰ মোদী চৰকাৰে তেওৰ লগত এইটো ষড়যন্ত্ৰ কৰিছে৷ কিন্তু সেইসকল লোকে হয়টো নাজানে যে আৰিয়ান খানৰ গোচৰ চলি আছে মহাৰাষ্ট্ৰত আৰু য’ত শাসনত আছে শিৱসেনা আৰু ৰাষ্ট্ৰবাদী কংগ্ৰেছৰ মিত্ৰজোঁট৷ আৰিয়ান খানৰ গ্ৰেপ্তাৰৰ বিষয়টো ৰাজনৈতিক দৃষ্টিৰে নাচাই ড্ৰাগছ আসক্তিৰ বিষয়টোৰ ওপৰত চিন্তা কৰা উচিত৷ ড্ৰাগছৰ এই চক্ৰবেহুত আৰিয়ান খানে কিয় আমি সকলোৱেও পৰিব পাৰো৷ ভাৰতত বৰ্তমান ড্ৰাগছৰ এটা বৃহৎ ৰেকেট চলি আছে৷ যিটোৰ প্ৰথম লক্ষ্য কৰি লয় কম বয়সীয়া ল’ৰা ছোৱালীক৷ ড্ৰাগছে বহুতৰ জীৱন অকালতে ধ্বংস কৰি আছে৷ চৰকাৰ আৰু প্ৰশাসনে এই বিষয়টোৰ ওপৰত অধিক গুৰুত্ব দিয়া উচিত৷

বেজেৰা
ফোন: 9706421161

Show More

Leave a Reply

Your email address will not be published.

Back to top button