অসম

ড° বাবু বড়োলৈ ড° আম্বেদকাৰ ৰাষ্ট্ৰীয় বঁ‌টাঃ উৎফুল্লিত বৌদ্ধিক সমাজ

সংবাদদাতা, বাইহাটা চাৰিআলি:- গোৰেশ্বৰৰ সু-সন্তান বৰ্তমান গুৱাহাটীৰ বাসিন্দা ড° বাবু বড়োলৈ ভাৰতীয় দলিত সাহিত্য একাডেমীয়ে ড° আম্বেদকাৰ ফিলচিপ বঁ‌টা প্ৰদান কৰাত উৎফুল্ল হৈ পৰিছে গোৰেশ্বৰৰ বৌদ্ধিক সমাজ। সৰুৰে পৰা সাহিত্যকৰ্ম আৰু বিশেষভাৱে বিভিন্ন সাংস্কৃতিক কৰ্মৰাজিৰে সমগ্ৰ অসমতে কাম কৰি অহা অক্লান্ত সমাজকৰ্মী ড° বড়োই গৌৰৱ কঢ়িয়াই আনে গোৰেশ্বৰলৈ। সাংস্কৃতিক সমন্বয়ৰ দ্বাৰা অসমক ‘বৰঘৰ’ ৰূপে প্ৰতিষ্ঠা কৰিবলৈ কাম কৰি অহা জনগোষ্ঠীয় সাংস্কৃতিক ঐক্যমঞ্চ, অসমৰ মুখপাত্ৰ, আইটছাৰ সাংগঠনিক সম্পাদক, ভাৰতীয় খাদ্য নিগমৰ সদস্য আদিৰ দৰে কেইবাটাও গুৰুত্বপূৰ্ন পদবীত কাৰ্যনিৰ্বাহ কৰা বড়োক যোৱা ১২ ডিচেম্বৰত নতুন দিল্লীত অনুষ্ঠিত দলিত সাহিত্য একাডেমীৰ বঁ‌টা প্ৰদান অনুষ্ঠানত এই বঁ‌টা প্ৰদান কৰা হয়।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: