অসম
ঢকুৱাখনাত নেহৰু যুৱ কেন্দ্ৰৰ উদ্যোগত যোগাসন প্ৰশিক্ষণ সম্পন্ন

সংবাদদাতা, ঢকুৱাখনা:- ভাৰত চৰকাৰৰ যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰালয়ৰ অধীনস্থ উত্তৰ লখিমপুৰ নেহৰু যুৱক কেন্দ্ৰৰ উদ্যোগত ঢকুৱাখনাৰ পশ্চিম দিশত অৱস্থিত ভাটি অয়েঙীয়া গাঁৱৰ পূবেৰুণ যুৱক সংঘত দেওবাৰে এদিনীয়া কাৰ্যসূচীৰে যোগাসন সম্পন্ন হৈ যায়। ব্যক্তিৰ দৈহিকভাৱে সুস্থ শৰীৰ, মানসিক শান্তি আৰু আধ্যাত্মিক শক্তি গঢ়াৰ লগতে নিৰোগী হোৱাৰ লক্ষ্যৰে আয়োজিত এই যোগাসনত ৭০ জনৰো অধিক যুৱকে যোগাসনত অংশগ্ৰহণ কৰে। স্বেচ্ছাসেৱক সদস্য ৰাজীৱ দাসৰ নেতৃত্বত আয়োজিত এই যোগাসনত গাণনিক বিষয়া ৰূপম জ্যোতিৰ উপস্থিতিত প্ৰশিক্ষণ প্ৰদান কৰে সমল ব্যক্তি মম্পি বিশ্বাস আৰু নৱজ্যোতি বৰাই। সহযোগ কৰে অয়েঙীয়া গাঁৱৰ সমাজকৰ্মী বৈকুণ্ঠ পাঞাং আৰু দেৱানন্দ পাঞাং।