অসম

ঢকুৱাখনাৰ ৰাজহুৱা খেলপথাৰত ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰস্তুতি সম্পন্ন

সংবাদদাতা, ঢকুৱাখনা: কাইলৈ সমগ্ৰ দেশতে উদযাপন কৰিব ৭৫ সংখ্যক স্বাধীনতা দিৱস। ক’ভিডৰ নীতি-নিয়ম মানি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে ঢকুৱাখনাতো ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ্যোগত ঢকুৱাখনা ৰাজহুৱা খেল পথাৰত ৭৫ সংখ্যক স্বাধীনতা দিৱসটি উদযাপন কৰিব।

ইতিমধ্যে অনুশীলনৰ প্ৰস্তুতি সম্পূৰ্ণ হৈ উঠিছে। ইফালে দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ দিনা যাতে ঢকুৱাখনা নগৰখন সম্পূৰ্ণ চাফচিকুণ হৈ পৰে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি পুৱাই ঢকুৱাখনা মহকুমা প্ৰশাসনৰ উদ্যোগত আৰু ঢকুৱাখনা পৌৰসভাৰ সহযোগত পুৱা ৭.৩০ বজাত

ঢকুৱাখনা নগৰৰ অলি, গলি বাট-পথত চাফাই কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই চাফাই কাৰ্যসূচীত ঢকুৱাখনাৰ মহকুমাধিপতি তথা অতিৰিক্ত উপায়ুক্ত গুৰনেইল সিং, সহকাৰী আয়ুক্ত মাৰ্চি তপ্ন, নগৰ সমিতিৰ বিষয়া-কৰ্মচাৰী আৰু চাফাই কৰ্মসকলে অংশগ্ৰহণ কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: