অসম

তামুলপুৰত নিখিল ৰাভা ছাত্ৰ সন্থাৰ সংবাদ মেল

কোকৰাঝাৰৰ অভয়াখুটিৰ হত্যাকাণ্ডৰ অভিযুক্তক ফাঁচিকাঠত ওলোমোৱাৰ দাবী ছাত্র সংগঠনটোৰ

সংবাদদাতা, তামুলপুৰ : কোকৰাঝাৰ জিলাৰ অভয়াখুটিত যোৱা ১১ জুন তাৰিখে সোমাইনা ৰাভা আৰু ৰমিলা ৰাভা নামৰ দুগৰাকী ৰাভা জনগোষ্ঠীৰ কিশোৰীক ধৰ্ষণ কৰি হত্যা কৰাৰ যি নাৰকীয় ঘটনা সেই ঘটনাৰ তীব্ৰ নিন্দা কৰিছে নিখিল ৰাভা ছাত্র সন্থাই। আজি তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদ মেলযোগে ৰাভা ছাত্ৰ সন্থাৰ নেতৃবৃন্দই কয়– এই ধৰণৰ ঘটনাই সেই অঞ্চলত বসবাস কৰা খিলঞ্জীয়া প্ৰতিটো জাতি-জনগোষ্ঠীৰ মাজত নিৰাপত্তাৰ প্ৰতি ভাবুকি সৃষ্টি কৰিছে।

নিখিল ৰাভা ছাত্র সন্থাৰ সহকাৰী সম্পাদক দীপাংকৰ ৰাভাই সংবাদ মেলত সম্বোধন কৰি কয় আমি ইতিমধ্যে  অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ এক টুইটযোগে অৱগত হৈছো যে এই ঘটনাৰ যি দোষী অপৰাধী তেওঁলোকে প্ৰথমে ধৰ্ষণ কৰি কিশোৰী দুগৰাকীক গছত ওলমাই ৰাখিছিল। ইতিমধ্যে অপৰাধীক কৰায়ত্ব কৰাৰ কথাও জানিব পৰা গৈছে। আনহাতে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই ফাষ্টট্ৰেক আদালতত বিচাৰ কৰি  বিচাৰ প্ৰক্ৰিয়া চলাই শীঘ্ৰে দোষীক শাস্তি প্ৰদান কৰিব।

নিখিল ৰাভা ছাত্র সন্থাই সেইমৰ্মে ফাষ্টট্ৰেক আদালতত দোষীব্যক্তিৰ বিচাৰ কৰি তেওঁ লোকক ফাঁচিকাঠত ওলোমোৱাৰ দাবী জনাইছে। নিখিল ৰাভা ছাত্ৰ সন্থাই সেয়ে ভুক্তভুগি প্ৰতিটো পৰিয়ালক অসম চৰকাৰৰ তৰফৰ পৰা ১০ লাখ টকাকৈ ক্ষতিপূৰণ দিবলৈ দাবী জনোৱাৰ লগতে কোকৰাঝাৰ জিলাৰ অভয়াখুটি ট্ৰাইবেল্ট বেল্ট এণ্ড ব্লকৰ পৰা অবৈধ বেদখলকাৰীক উচ্ছেদ কৰিবলৈ দাবী জনাইছে। আজিৰ সংবাদ মেলত নিখিল ৰাভা ছাত্ৰ সন্থাৰ নেতৃবৃন্দ ই অভয়াখুটিত থকা খিলঞ্জীয়া ভূমি পুত্ৰ সকলৰ সুৰক্ষাৰ স্বাৰ্থত অভয়াখুটি অঞ্চলত এখন পূৰ্ণ পৰ্যায়ৰ

আৰক্ষী থানা অথবা এটা আৰক্ষী চকী স্থাপন কৰিবলৈ বিটিচি চৰকাৰ অথবা অসম চৰকাৰলৈ অনুৰোধ জনাইছে। সংবাদ মেলত উপস্থিত থাকি বাক্সা জিলা ৰাভা ছাত্ৰ সন্থাৰ সভাপতি মুনিন্দ্ৰ ৰাভাই অভয়াখুটিৰ ঘটনাৰ লগতে ফেব্ৰুৱাৰী মাহত শোণিতপুৰ জিলাৰ ঢেকীয়াজুলি থানাৰ অন্তৰ্গত চপাই বালিগাৱত বিগত ২০ ফেব্ৰুৱাৰীত সংঘটিত ৰাভা মহিলা জিলি ৰাভা(৪৫) আৰু তেওঁৰ নাবালিকা কন্যা কৰবী ৰাভা(১২)ক  নাৰকীয় ভাৱে সংঘটিত কৰা হত্যাকাণ্ডৰ চাৰিমাহে দোষী ব্যক্তিয়ে শাস্তি নোপোৱাত তীব্র উদ্দেগ প্ৰকাশ কৰাৰ লগতে এই ঘটনাৰো ফাষ্টট্ৰেক আদালতত বিচাৰ প্ৰক্ৰিয়া চলাবলৈ দাবী জনায়।

তামুলপুৰ আঞ্চলিক ৰাভা ছাত্ৰ সন্থাৰ সভাপতি পূৰ্ণ সিং ৰাভাই দোষী ব্যক্তিয়ে কোনো পধ্যেই যাতে আইনৰ সুৰুঙাৰে সাৰি যাব নোৱাৰে তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ অসম চৰকাৰলৈ আহ্বান জনোৱাৰ লগতে অভয়াখুটি অঞ্চলৰ খিলঞ্জীয়াৰ নিৰাপত্তাৰ স্বাৰ্থত শীঘ্ৰে এটি আৰক্ষী থানা বা আৰক্ষী চকী স্থাপন কৰিবলৈ আহ্বান জনায়। আজিৰ সংবাদ মেলত তামুলপুৰ আঞ্চলিক ৰাভা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক ৰাজু ৰাভা, বেতনা ডেফেলী আঞ্চলিক বাইখো উৎযাপন সমিতিৰ সম্পাদক চানুধৰ ৰাভা প্ৰমুখ্যে ৰাভা ছাত্র সন্থাৰ বহুসংখ্যক বিষয়ববীয়া উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: