অসম

তামুলপুৰত মেডিকেল কলেজ হাস্পতালৰ শিল্যান্যাস গৃহমন্ত্ৰী অমিত শ্বাহৰ

সংবাদদাতা, তামুলপুৰ:- বহু দিনৰ অপেক্ষাৰ অন্তত তামুলপুৰবাসীৰ মুখত হাঁহি বিৰিঙাই আজি গুৱাহাটীতৰ পৰা কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ৰিম’ট কন্ট্ৰ’লেৰে তামুলপুৰ চিকিৎসা মহাবিদ্যালয়ৰ শিলান্যাস কৰে।

৪৩০খন চিকিসালয়খন আনুষ্ঠানিকভাৱে আধাৰশিলা স্থাপন কৰি ৰাজ্যজুৰি স্বাস্থ্যসেৱাক গুৰুত্ব দিয়াত অসম চৰকাৰক প্ৰশংসা কৰে শ্বাহে। বিটিআৰৰ চিকিৎসা মহাবিদ্যালয়খন এক ঐতিহাসিক পদক্ষেপ বুলি কয়৷

এই শুভ অনুষ্ঠানত তামুলপুৰত চিকিৎসা মহাবিদ্যালয়ৰ ঠাইত উপস্থিত থাকে তামুলপুৰৰ বিশিষ্ট সমাজ কৰ্মী, সাহিত্যিক, বিজেপি, ইউপিপিএল দলৰ নেতা কৰ্মীৰ লগতে তামুলপুৰ অঞ্চলৰ বহুতো ৰাইজ।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: