অসম

তামুলপুৰত ১,১০৫ গৰাকী প্ৰাক্তন এনডিএফবি কেডাৰক অসম চৰকাৰৰ ৪ লাখ টকাকৈ আৰ্থিক সাহাৰ্য প্ৰদান

সংবাদদাতা, তামুলপুৰ:-

“জনজাতিসকলে প্ৰস্তুত কৰা সামগ্ৰীৰ ভেজাল নাই। জনজাতি লোকে ঊৎপাদন কৰা সামগ্ৰীৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে। জনজাতি মহিলাই উৎপাদন কৰা বস্ত্ৰ-শিল্পৰ সমাদৰ বাঢ়িছে আৰু বজাৰ দখল কৰিবলৈ সক্ষম হৈছে“ – এই বক্তব্য অসমৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ। আজি তামোলপুৰ মহকুমাৰ অন্তৰ্গত বৰখাটাত অসম চৰকা্ৰৰ গৃহবিভাগ আৰু অসম আৰক্ষীৰ বিশেষ শাখাৰ উদ্যোগত মুলসুতিলৈ প্ৰত্যাৱৰ্তন কৰা এনডিএফবিৰ প্ৰাক্তন সদস্যসকলৰ পুনৰসংস্থাপন আৰু আৰ্থিক সাহায্য বিতৰণ অনুষ্ঠানত অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। মুখ্যমন্ত্ৰীগৰাকীয়ে বক্তব্য প্ৰসঙ্গত লগতে কয় -২০২০ চনৰ ২৭ ফেব্ৰুৱাৰীত এনডিএফবিৰ তিনিটা গোট, ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ মাজত হোৱা আলোচনা মৰ্মে বড়ো চুক্তি সম্পাদিত হৈছিল। বড়ো জনগোষ্ঠীৰ ভাষা, সাহিত্য, কলা সংস্কৃতি, জাতীয় অস্তিত্ব ৰক্ষাৰ বাবে এৱছু, বিএলটি আৰু এনডিএফবিয়ে আন্দোলন কৰিছিল। উদ্দেশ্য এটাই বড়ো জনগোষ্ঠীৰ সৰ্বাঙ্গীণ উন্নয়ন সাদৰন কৰা। এনডিএফবিৰ গোবিন্দ বসুমতাৰী, সংবিজিত আৰু ৰঞ্জন দৈমাৰীৰ গোটে মুল সুতিলৈ উভতি আহি শান্তি স্থাপনত গুৰুত্ব প্ৰদান কৰি ঐতিহাসিক বড়ো চুক্তি সম্পাদনাত গুৰুত্ব প্ৰদান কৰাত বড়ো ভূমিত শান্তি ঘূৰি আহিছে। বিগত অসম আন্দোলনৰ সময়ত কিবা যদি ভুল হৈছিল সেই ভুল আঁতৰি এতিয়া সহমতত উপনীত হৈছে। বড়ো ভাষাই নতুন মাত্ৰা লাভ কৰিছে। বড়ো ভাষা কৃষ্টি সংস্কৃতিক সকলো জনগোষ্ঠীয়ে সমন্বয়ৰে আগবঢ়াই নিয়াৰ পথত আগবাঢ়িছে। বড়ো ভূমিত পৰিৱৰ্তন আহিছে। দুখ বেদনা নাইকিয়া হৈছে। নিজৰ অধিকাৰ সাব্যস্ত কৰিছে। বড়োভূমিৰ শান্তিয়ে এতিয়া স্থায়ী শান্তিলৈ গতি কৰিছে। তাৰ বাবে আমি একেলগে কাম কৰি আগবাঢ়ি যোৱা উচিত। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেব্দ্ৰ মোডী আৰু গৃহ মন্ত্ৰী অমিত শ্বাহৰ বড়ো জনগোষ্ঠীৰ প্ৰতি থকা দুৰ্বলতাৰ বাবে বড়ো জনগোষ্ঠী বহুখিনি আগুৱাই গৈছে। এনডিএফবিৰ তিনিওটা গোট মুল সুতিলৈ ঘূৰি আহিছে। এনডিএফবিৰ ৪৩০ গৰাকী কেডাৰৰ বিৰুদ্ধে থকা গোচৰসমূহ উঠাই লোৱা হৈছে আৰু পৰ্যায়ক্ৰমে সকলো গোচৰ উঠাই লোৱা হব। আজি বাৰখন জিলাৰ মুঠ ১১০৫ গৰাকী এনডিএফবিৰ কেডাৰক সাহায্য বিতৰণ কৰা হয়। আজিৰ তালিকাৰ পৰা বাদ পৰা কেডাৰসকলোকো এই আচনিত সৱমৰনি লোৱা হব। বক্তব্য প্ৰসঙ্গত মুখ্যমন্ত্ৰীগৰাকীয়ে কয় – প্ৰাক্তন এনডিএফবিৰ সদস্যসকললৈ আগবঢ়োৱা টকাৰ সদব্যৱহাৰ নহলে কামত চৰকাৰৰ প্ৰচেষ্টা অথলে যাব। জনজাতিলোকৰ হাতৰ পৰশেৰে
প্ৰস্তুত কৰা সামগ্ৰীৰ ভেজাল নাই বুলি উল্লেখ কৰি কয় – জনজাতি মানুহে ঊৎপাদন কৰা সামগ্ৰীৰ প্ৰতি আকৰ্ষণ বৃদ্ধি পাইছে। জনজাতি শিপিনীৰ বস্ত্ৰ-শিল্পই বজাৰ দখল কৰিবলৈ সক্ষম হৈছে। মুল সুতিলৈ উভতি অহা এন এডএফবিৰ চাৰিহাজাৰ সদস্যই বড়ো ভূমিত নতুন যুগৰ সূচনা কৰিব পাৰিব। চাৰিলাখ টকা নহয় সহজ সৰল মনগৰাকী এনডিএফবি সদস্যসকলে বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হ’ব। মিলিটাৰী আৰ্মিক অস্ত্ৰ তুলি দিয়া হয় কিন্তু অৱসৰ গ্ৰহণৰ দিবাই অস্ত্ৰ সমৰ্পন কৰিব লাগে বুলি মন্তব্য কৰি মুখ্য মন্ত্ৰীগৰাকীয়ে কয় – মানুহে এতিয়া তেজৰ ফাকু খেলা চাবলৈ নিবিচাৰে – সহজলভ্য ধন বিচৰা লোকক পছন্দ নকৰে, অস্ত্ৰৰ ঝনঝননি ভাল নাপায়। প্ৰাক্তন এনডিএফবিৰ সদস্যসকলৰ মানসিকতা শক্তিশালী হব লাগিব যাতে কাৰো অস্ত্ৰ ব্যক্তিগত স্বাৰ্থত ব্যৱহাৰ কৰা নহয়। অনুষ্ঠানত অংশ গ্ৰহণ কৰি বিটিচিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়োই কয় – আজি তামোলপুৰত আৰু কালি কোকৰাঝাৰ আৰু চিৰাঙত মুলসুতিলৈ উভতি অহা এনডিএফবিৰ সদস্যসকলৰ মাজত আৰ্থিক সাহায্য বিতৰণ কৰা হব। বড়ো জনগোষ্ঠীক বিশ্বৰ দৰবাৰত স্থান নিশ্চিত কৰাৰ সংগ্ৰামত জড়িত এন ডিএফবিক প্ৰশংসাৰ পাত্ৰ। অসমত বিভিন্ন জনগোষ্ঠীৰ লগতে বড়ো জনগোষ্ঠীৰ লোকসকলে সংগ্ৰাম কৰি আহিছে যদিও বড়ো জনগোষ্ঠীৰ অস্তিত্বক জীয়াই ৰখাৰ আন্দোলনত এনডিএফবিৰ ভূমিকা গুৰুত্বপূৰ্ন। ব্যক্তি জীৱনক জলাঞ্জলী দি জাতিৰ হকে সংগ্ৰামত অৱতীৰ্ন হৈ দেশ আৰু জাতিক ধন্য কৰিলে। ৰ। চাৰি লাখ টকাটো ডাঙৰ নহয় বুলি উল্লেখ কৰি মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে কয় – দেশ আৰু জাতিৰ উন্নয়নৰ হকে কাম কৰাটোহে ডাঙৰ কথা। বিটিআৰত নতুন নতুন আচনি তৈয়াৰ কৰি থকা হৈছে আৰু কামৰ প্ৰতি স্পৃহা থকাসকলে সুবিধা লাভ কৰিব। ৰাজনীতিৰ স্বাৰ্থত ৰাজনীতি কৰিব অহা নাই হিমন্ত বিশ্ব শৰ্মাৰ আদৰ্শেৰে আমিও বিটিচিত উন্নয়নৰ কাম কৰিম।
আজিৰ অনুষ্ঠানত মুখ্যমন্ত্ৰীগৰাকীয়ে ১১০৫ গৰাকী প্ৰাক্তন এনডিএফবিৰ সদস্যলৈ চাৰিলাখ টকাকৈ চেক প্ৰদান কৰা হয়। আজিৰ মঞ্চত লৌমশ্ৰাীন, ডি গৌৰা, বি ৰাখেব, বি ৰাডা, বি সংগ্ৰাম, এম মইবুৰ, চানচুমা বসুমতাৰী, দীপক বসুমতাৰী, প্ৰনীতা নাৰ্জাৰী, বিক্ৰম মুছাহাৰী, সুভাষ মছাহাৰী, জনাধন বসুমতাৰী, ৰাজেন দৈমাৰী, ৰিচিমা বসুমতাৰী, ৰূপেন ব্ৰহ্ম, চানচুমা বসুমতাৰীনআৰুব, চৰ্গেশ্বৰ বসুমতাৰীক চাৰি লাখ টকাৰ চেক প্ৰদান কৰা হয়। , অসম আৰক্ষীৰ বিশেষ শাখাৰ এডিজিপি হিৰেন্দ্ৰ নাথে আদৰণি ভাষণ ৰখা আজিৰ অনুষ্ঠানত অসম আৰক্ষীৰ কোকৰাঝাৰৰ আইজিপি এল আৰ বিষ্ণয়, অসম চাৰকাৰ গৃহ বিভাগৰ উচ্চ পদস্থ বিষয়া কৰ্মচাৰী, অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংহাল, মন্ত্ৰী ইউ জি ব্ৰহ্ম, বিটিয়াৰৰ উপ মুখ্য কাৰ্যবাহী গোবিন্দ বসুমতাৰী, বাক্সা জিলা উপযুক্ত আয়ুস গাৰ্গ, তামোলপুৰৰ বিধায়ক জলেন দৈমাৰী, বিধায়ক ল’ৰেন্স ইছলাৰী, নিখিল বড়ো ছাত্ৰ সন্থাৰ সভাপতি দ্বীপেন বড়ো, ভাৰতীয় সেনা বাহিনীৰ মেজৰ জেনেৰেলৰ লগতে ভালে সংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: