অসম

তামুলপুৰৰ মটঙা নৈৰ কোবাল সোঁতৰ মাজেদি বিপদসংকুল যাত্ৰা ৰাইজৰ

বাইকৰ ওপৰত মানুহ নহয় মানুহৰ ওপৰত উঠিছে বাইক

সংবাদদাতা, তামুলপুৰ : তামুলপুৰৰ মটঙা নৈৰ ওপৰেদি ৰাইজৰ বিপদসংকুল যাত্ৰা। অলপ ভুল মানেই হব পাৰে ভয়ংকৰ অঘটন। ভাৰত- স্বাধীন হোৱাৰ পিছৰে পৰা আজিলৈ বৃহত্তৰ তামুলপুৰ-আৰু কাউলী বাসী ৰাইজে এইদৰে অতি বিপদসংকুল ভাৱে অব্যাহত ৰাখিছে যাতায়ত। তামুলপুৰৰ নাগ্ৰীজুলি-কাউলী-কুমাৰীকাটা সংযোগী অতি গুৰুত্বপূৰ্ণ পথটোৰ মাজত থকা মটঙা নৈৰ ওপৰত আজিলৈ এখন পকী দলং নিৰ্মাণ নোহোৱাত বিগত বহু বছৰ বছৰ ধৰি এইদৰে অব্যাহত ৰাখিছে চলাচল।

ভূটানৰ পৰা বৈ অহা খৰস্ৰোতা মটঙা নৈৰ বাঢ়নী পানীয়ে এইবাৰো ধাৰণ কৰিছে কাল ৰূপ। আৰু তাৰ বুকুৱেদি এনেদৰে পাৰ হৈছে বহুজন। বিগত দিনত মৃত্যু আঁকোৱালি লব লগা হৈছে বহু পুৰুষ-মহিলা-শিশুও। এককাল পানী ভাঙি এইদৰে পাৰ হৈছে মহিলা-শিশু। কান্ধত কৰি পাৰ কৰিব লগা হৈছে দুচকীয়া বাহন আৰু চাইকেল। অঞ্চলটোৰ লোকে বছৰ বছৰ ধৰি চৰকাৰক এখন দলঙৰ বাবে আবেদন কৰি আহিছে যদিও কোনো ফল পোৱা নাই অঞ্চলবাসীয়ে। নিৰ্বাচনৰ প্ৰাকখনত দলং নিৰ্মাণৰ নামত ভোট আদায় কৰি লয় যদিও পিছত সকলো পাহৰি যোৱাৰ অভিযোগ

অঞ্চলবাসীৰ। যোৱাবাৰ অঞ্চলটোৰ কেইজনমান যুৱকে নিজৰ গাঁঠিৰ ধন ভাঙি প্ৰায় পাচঁ লক্ষাধিক টকা ব্যয় সাপেক্ষে এখন বাঁহৰ দলং নিৰ্মান কৰিছিল যদিও নৈৰ পানীয়ে উটুৱাই নিয়ে সেইখন।যাৰ বাবে ১০০ ৰ পৰা দুশ টকা দি এইদৰে বাইক পাৰ কৰিব লগা হয় গঞাই। অঞ্চলটোৰ লোকে বিগত চৰকাৰৰ দিনত কোনো সুফল লাভ কৰা নাই যদিও ৰাজ্যত নতুনকৈ গঠন হোৱা বিজেপি চৰকাৰ আৰু বিটিআৰৰ প্ৰমোদ বড়োৰ নেতৃত্বাধীন ইউপিপিএল চৰকাৰক নদীখন চাই ইয়াৰ সু-ব্যৱস্থা কৰাৰ বাবে অনুৰোধ জনাইছে অঞ্চলটোৰ লোকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: