তামুলপুৰ জিলাৰ ভাৰত-ভূটান সীমান্তৰ এক নং পাহাৰপুৰত অঘটন

সংবাদদাতা, সংবাদদাতা:- ভাৰত-ভূটান সীমান্তৰ শুকানজুলি ফায়াৰিং ৰেঞ্জত সেনাৰ প্ৰশিক্ষণ গ্ৰহণৰ সময়তে অঘটন। ভাৰতীয় সেনা ৩১ নং ফিল্ড ৰেজিমেণ্টৰ প্ৰশিক্ষণ চলি থকাৰ সময়তে দিশভ্ৰষ্টহহৈ এই অঘটন। পাহাৰপুৰৰ পৰমেশ্বৰ হাজদাৰ ঘৰত পৰিল বোমা। ধ্বংস হ’ল আবাস গৃহ। বোমা পৰি ধ্বংস হোৱা ঘৰটো আছিল প্ৰধানমন্ত্ৰী আবাস যোজনাৰ। বোমাৰ আঘাতত চূৰ্ণবিচূৰ্ণ প্ৰধানমন্ত্ৰীৰ আবাসগৃহ কথমপি ৰক্ষা পৰিল একেটা পৰিয়ালৰ শিশু সহ সাতগৰাকী লোক। কাষতে থকা লুথৰু হাজদাৰ মাটিৰ ঘৰতো পৰিল বোমাৰ অংশবিশেষ ঘটনা সংঘটিত হোৱাৰ পিছতে এক নং পাহাৰপুৰত লাগিল হুৱা-দুৱা। ঘটনাস্থলীত উপস্থিত হ’ল সেনা বিষয়া। এই ঘটনা সন্দৰ্ভত ক্ষমা খুজিলে গাঁওবাসীৰ ওচৰত। পৰিয়ালৰ আবাসহগৃহ পুনৰ নিৰ্মাণৰ প্ৰতিশ্ৰুতি সেনা বিষয়াৰ। তামোলপুৰ থানাৰ দৰংগামেলা আৰক্ষীৰ বিষয়া সহ আৰক্ষী দল উপস্থিত ঘটনাস্থলীত। আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰিলে সমগ্ৰ পৰিস্থিতি।