চিকিম

তামুলপুৰ জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক সভা সম্পন্ন

সংবাদদাতা, তামুলপুৰ:- তামোলপুৰ জিলা বিজেপি সংখ্যালঘুৰ মৰ্চাৰ এখন কাৰ্যনিৰ্বাহক আজি তামোলপুৰ জিলা সদৰৰ মটঙাপাৰ ৰাজহুৱা উদ্যানত অনুষ্ঠিত হৈ যায়। তামোলপুৰ জিলা সংখ্যালঘু মৰ্চাৰ সভাপতি ইমামুদ্দিন আহমেদে সভাপতিত্ব কৰা সভাখনত তামোলপুৰ জিলা বিজেপি সংখ্যালঘু মৰ্চাৰ সাংগঠনিক দিশৰ ওপৰত আলোচনা কৰাৰ লগতে বিজেপি চৰকাৰৰ আঁচনি সমূহ সৰ্বসাধাৰণ ৰাইজৰ মাজলৈ কেনেদৰে আগুৱাই নিব পাৰি তাৰ ওপৰত বিশদ আলোচনা কৰা হয়। সভাত ৰাজ্যিক বিজেপি সংখ্যা লঘু মৰ্চাৰ সভাপতি শান্তিয়াচ কুজুৰে উপস্থিত থাকি দলীয় কৰ্মী সকলক উদ্দেশ্যি বহু মূলীয়া বক্তব্য আগবঢ়ায়। সভাত তামোলপুৰৰ বিধায়ক জলেন দৈমাৰীয়, এমচিএলএ হেমন্ত কুমাৰ ৰাভা ৰাজ্যিক সম্পাদক মোস্তাকদ্দুিন আহমেদ, উপ সভানেত্ৰী অঞ্জুমা বেগম, জিলা প্ৰভাৰী তাফজুল আলী, ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্য ইক্ৰাম আলী সমন্বিতে দৰঙ্গাজুলি, গয়বাৰী, নাগ্ৰীজুলি, শুক্লাই চেৰফাং আদি বিভিন্ন মণ্ডলৰ সভাপতি, সম্পাদক সকলৰ লগতে কাৰ্যকৰ্তাসকল উপস্থিত আছিল। সভাৰ শেষত সাংবাদিকৰে হোৱা বাৰ্তালাপত ৰাজ্যিক বিজেপি সংখ্যা লঘু মৰ্চাৰ সভাপতি শান্তিয়াচ কুজুৰে কয়- আগন্তুক দিনত তামোলপুৰত কিদৰে সংখ্যালঘু ৰাইজক আগবঢ়াই লৈ যাব পাৰি, কিদৰে সংখ্যালঘু ৰাইজৰ বাবে অহা চৰকাৰী আঁচনিসমূহ সংখ্যালঘু ৰাইজৰ ঘৰে ঘৰে লৈ যাব পাৰি সেই বিষয়বোৰ গুৰুত্ব সহকাৰে আলোচনা কৰা হৈছে। তদুপৰি আগন্তুক দিনত কিদৰে সংখ্যালঘু ৰাইজক বিজেপি দলৰ প্ৰতি আকৰ্ষিত কৰি বিজেপি দলত যোগদান কৰাব পাৰি সেইলৈয়ো চিন্তা চৰ্চা কৰা হৈছে। অহা ফেব্ৰুৱাৰী -মাৰ্চ মাহত বিজেপি দলত সংখ্যালঘু মৰ্চাই জিলা, মণ্ডল পৰ্যায়ত যোগদান কাৰ্যসূচীৰ ৰূপায়ণ কৰিবলৈ চিন্তা-চৰ্চা কৰাৰ কথাও সদৰি কৰে বিজে সংখ্যালঘু মৰ্চাৰ ৰাজ্যিক সভাপতি গৰাকীয়ে।

Show More

Leave a Reply

Your email address will not be published.

Back to top button