অসম

তামুলপুৰ বিধায়ক লেহোৰাম বড়োৰ ক’ভিডত আক্ৰান্ত হৈ মৃত্যু : সম্পন্ন হ’ল অন্তষ্টিক্ৰিয়া

সংবাদদাতা, তামুলপুৰ : কৰ’নাত আক্ৰান্ত হৈ অসমৰ দ্বিতীয়জন বিধায়কৰ মৃত্যু। তামুলপুৰৰ বিধায়ক লেহোৰাম বড়োৰ কৰ’নাত আক্ৰান্ত হৈ মৃত্যু। ক’ভিডত আক্ৰান্ত হৈ GMCHত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছিল বিধায়কগৰাকী। উল্লেখ্য যে লেহোৰাম বড়ো আছিল ইউ পি পি এলৰ বিধায়ক। তেওঁ প্ৰথমবাৰৰ বাবে বিধানসভালৈ নিৰ্বাচিত হৈছিল।

বিধায়কগৰাকীৰ মৃত্যুত মুখ্যমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ কৰে। খণ্ড উন্নয়ন বিষয়া হিচাপে কৰ্মজীৱন আৰম্ভ কৰিছিল লেহোৰাম বড়োৱে যথেষ্ট জনপ্ৰিয় আছিল বিধায়কগৰাকী। আজি তামুলপুৰ মহকুমাৰ কুমাৰীকাটা কালানদীৰ পাৰত সম্পূৰ্ণ চৰকাৰী মৰ্য্যদাৰে প্ৰশাসনৰ নীতি নিয়মেৰে বিধায়ক গৰাকীৰ অন্তষ্টিক্ৰিয়া সম্পন্ন কৰে।

বিধায়ক গৰাকীৰ অন্তষ্টিক্ৰিয়াস্থলীত উপস্থিত থাকে ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংঘাল, বিটিচিৰ চিফ প্ৰমোদ বড়ো, মন্ত্ৰী উৰ্খাও গৌৰা, এমচিএলএ হেমন্ত কুমাৰ ৰাভা, ইউপিপি এলৰ তামুলপুৰ জিলা সমিতিৰ সাঃ সম্পাদক ফুনিন্দ্ৰ নাৰ্জাৰী লগতে ইউপিপি দল বিষয়ববীয়া সকলৰ উপৰিও বিভিন্ন দল-সংগঠনৰ লোক সকলে উপস্থিত থাকে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: