তামোলপুৰৰ বিভিন্ন ঠাইত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন

সংবাদদাতা, তামোলপুৰ:- সমগ্ৰ বিশ্ব, দেশ তথা ৰাজ্যৰ লগতে তামোলপুৰতো বিভিন্ন সংগঠনৰ উদ্যোগত আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। তামোলপুৰ জিলাৰ দক্ষিণ কুমাৰীকাটা আঞ্চলিক পুথিভঁৰাল প্ৰাংগণত আজি দক্ষিণ কুমাৰীকাটা আঞ্চলিক মহিলা মঞ্চৰ উদ্যোগত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। তদুপলক্ষে আজি পুৱা পতাকা উত্তোলন স্মৃতি তৰ্পণ কাৰ্যসূচীৰ পাছত দক্ষিণ কুমাৰীকাটা আঞ্চলিক মহিলা মঞ্চৰ সভানেত্ৰী গীতিকা দেউৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখন বিনীতা ভৰালীৰ বৰগীতেৰে আৰম্ভ কৰা হয়। লনিমা বৰুৱা ভৰালীয়ে উদ্দেশ্য ব্যাখ্যা কৰা সভাত তামোলপুৰ সমষ্টিৰ বিধায়ক জলেন দৈমাৰী, বিটিআৰৰ দৰংগাজুলি পৰিষদীয় সমষ্টিৰ এম চি এল এ বিজিৎ গৗৰা নাৰ্জাৰীয়ে উপস্থিত থাকি ভাষণ প্ৰদান কৰে। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকি বিধায়ক জলেন দৈমাৰীয়ে কয় যে আজিৰ সময়ত নাৰী চাৰিওপিনে কামৰ মাজেৰে খোজ দিব লাগিব আনকি ৰাজনৈতিক ভাবেও আগবাঢ়ি যাব লাগিব। অনাগত দিনত সকলোৱে হাতে হাতধৰি একেলগে আগবাঢ়ি যাবলৈ তেওঁ সকললৈ আহ্বান জনায়। আনহাতে মহিলা সকলে স্বাৱলম্বী হবলৈ নিজৰ কৰ্মদক্ষতাৰে, কৰ্মসংস্কৃতিৰে সকলোকে চৰকাৰী আঁচনি বোৰো মহিলা সকলৰ দ্বাৰা কৰিবলৈ সুবিধা দিবলৈ তেওঁ ইচ্ছা প্ৰকাশ কৰে। এম চি এল এ বিজিত গৗৰা নাৰ্জাৰীয়ে কয় যে আজি নাৰীসকলৰ সন্মানৰ দিন। নেপোলিয়ন বোনাপাৰ্টৰ সুন্দৰ উদ্ধৃতিৰে তেওঁ নাৰী সম্পৰ্কত সুন্দৰ বক্তব্য প্ৰদান কৰে। পৰিবানু বেগম, সবিতা দাস আদি কেইবাগৰাকীও মহিলাই গীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰা আজিৰ সভাত দক্ষিণ কুমাৰীকাটা আঞ্চলিক পুথিভঁৰালৰ বিষয়ববীয়া ক্ৰমে চিনাকান্ত বসুমতাৰী, শিৱু দাস, খগেন দাস পাণিকাৰ উপৰি অঞ্চলটোৰ বহু সংখ্যক মহিলাই অংশগ্ৰহণ কৰে। ইফালে তামোলপুৰ জিলাৰ কটাহবাৰীত আন্তঃৰাষ্ট্ৰীয় স্বেচ্ছাসেৱী সংগঠন এক্সন এইড এচ’ছিয়েচন আৰু গ্ৰাম্য বিকাশ মঞ্চৰ যৌথ উদ্যোগত দিনজোৰা কাৰ্যসূচীৰে আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। এই উপলক্ষে আজি পুৱা অঞ্চলটোৰ কেইবাখনো গাৱৰ শিশু আৰু মহিলা সকলৰ মাজত ৰছী টনা, টেকেলি ভঙা আদি বিভিন্ন খেল ধেমালি অনুষ্ঠিত কৰাৰ লগতে মহিলা সকলক লৈ নাৰী দিৱস উপলক্ষে এখন সভাও অনুষ্ঠিত কৰা হয়। গ্ৰাম্য বিকাশ মঞ্চৰ তামোলপুৰ শাখাৰ শাখা পৰিচালক চক্ৰধৰ তালুকদাৰৰ সভাপতিত্বত অনুষ্ঠিত আৰু মনোজ তালুকদাৰে আতধৰা সভাত এন আৰ এল এমৰ ব্লক কো-অৰ্ডিনেটৰ জিতেন্দ্ৰ কলিতা, এল আৰ পি কো-অৰ্ডিনেটৰ চুনিতা বেজ, জি ভি এমৰ সভাপতি প্ৰাঞ্জল চক্ৰৱৰ্তী, সম্পাদক দিবাকৰ ডেকা, ৰুবী বৈশ্য, ইলা দেৱী আদিও মহিলা সৱলীকৰণৰ ওপৰত গুৰুত্বপূৰ্ণ ভাষণ প্ৰদান কৰে। সভাত গ্ৰাম্য বিকাশ মঞ্চ আৰু এন আৰ এল এমৰ বহু সংখ্যক স্বেচ্ছাসেৱক-স্বেচ্ছাসেৱীকাৰ উপৰি বহু সংখ্যক মহিলাই অংশগ্ৰহণ কৰে। সভাৰ শেষত বিয়লিৰ ভাগত মহিলা সকলৰ মাজত এখন প্ৰীতি ফুটবল খেলৰো আয়োজন কৰা হয়।