অসম

তামোলপুৰৰ শিমলুবাৰীত চতুৰ্থ বাৰ্ষিক পুষুণামেলাৰ আৰম্ভ

পুষুণামেলাক মানৱ সমাজত মহামেলালৈ ৰূপান্তৰ কৰিবৰ বাবে উদযাপন সমিতিয়ে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে

সংবাদদাতা, তামোলপুৰ:- তামোলপুৰ মহকুমাৰ অন্তৰ্গত কুমাৰীকাটাৰ নিকটৱৰ্তী আৰু কোচ ৰাজবংশী জনগোষ্ঠী অধ্যুষিত শিমলুবাৰী-দৰঙ্গাপাৰ গাঁৱৰ পুষুণামেলা বাখাৰাত চতুৰ্থ বৰ্ষৰ বাবে আজিৰ পৰা ১৪ জানুৱাৰীলৈ সপ্তাহজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে চতুৰ্থ বাৰ্ষিক পুষুণামেলাৰ আৰম্ভ হৈছে৷ আজি পুুুৱা ১০: ৩০ বজাত চতুৰ্থ বাৰ্ষিক পুষুণামেলাৰ পতাকা উত্তোলন কৰি বিটিআৰ কোচ ৰাজবংশী সন্মিলনীৰ কাৰ্যকৰী সভাপতি তথা উদযাপন সমিতিৰ সভাপতি কেশৱ ৰাজবংশীয়ে কয় কোচ ৰাজবংশী জনগোষ্ঠীৰ জাতীয় উৎসৱ পুষুণামেলাক মানৱ সমাজত মহামেলালৈ ৰূপান্তৰ কৰিবৰ বাবে উদযাপন সমিতিয়ে অহৰহ প্ৰচেষ্টা অব্যাহত ৰাখিছে৷ সাতদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হৈ অহা পুষুণামেলাত বিগত বৰ্ষবোৰত জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে সুদূৰ পশ্চিম বঙ্গ, মেঘালয়, অৰুণাচল, নেপাল, ভূটান আদি বিভিন্ন দেশ আৰু বিভিন্ন প্ৰান্তৰ পৰা আহি বিভিন্নজনে আমাক উৎসাহিত কৰিছিল৷ এইবেলিও বিভিন্ন জনগোষ্ঠীৰ লোকে পুষুণামেলালৈ আহি বিভিন্ন জনগোষ্ঠীৰ নৃত্য গীত বিশেষকৈ কোচ ৰাজবংশী জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি, নৃত্য-গীত উপভোগ কৰিব পাৰিব৷ বিভিন্ন জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, নৃত্য-গীত প্ৰদৰ্শনৰ উপৰিও বিভিন্ন খেল-ধেমালি, জনগোষ্ঠীয় খাদ্য সম্ভাৰো ব্যৱস্থা কৰা হৈছে৷ পুষুণামেলাই বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ বাৰ্তা বিলাব বুলিও উৎযাপন সমিতিৰ সভাপতি গৰাকীয়ে আশা প্ৰকাশ কৰে৷ সভাপতি গৰাকীৰ সতে চাৰিগৰাকী উপসভাপতিয়ে চাৰিখন পতাকা উত্তোলনৰ পূৰ্বে গংগা পূজা আৰু মুখ্য দ্বাৰ উদ্বোধন কৰা হয়৷ মুখ্য দ্বাৰ উদ্বোধন কৰে শংকৰ ৰাজবংশীয়ে৷ পতাকা উত্তোলনৰ পিছতে “বিশ্ব মহাবীৰ চিলাৰায়“ৰ মাল্যাৰ্পণ কৰে আক্ৰাছুৰ কুমাৰীকাটা আঞ্চলিক সমিতিৰ সম্পাদক মতিকান্ত বৰ্মনে৷ ইয়াৰ পিছতে ৰভামঞ্চ, বাণিজ্য মেলা, স্বেচ্ছাসেৱকৰ কাৰ্যালয়, অতিথি গৃহ আদি মুকলি কৰে উৎযাপন সমিতিৰ বিভিন্ন বিষয়- ববীয়াই৷ বিয়লি ২: ৩০ বজাত অনুষ্ঠিত হয় শংকৰ ৰাজবংশীৰ পৰিচালনাত জ্যেষ্ঠ নাগৰিকৰ সম্বৰ্ধনা৷ ইয়াৰ পিছত পুষুণামেলা উদযাপন সমিতি আৰু উপ সমিতি সমূহৰ মাজত অন্তৰংগ আলাপ আৰু মহাবীৰ চিলা ৰায়ৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন কৰা হয়৷ বন্তি প্ৰজ্বলন কৰে তামোলপুৰ মহকুমা আৰক্ষী বিষয়া ৰূপজ্যোতি কলিতাই৷ সন্ধিয়া ৬: ৩০ বজাত পংকজ বৰ্মনৰ পৰিচালনাত অনুষ্ঠিত হয় সাংস্কৃতিক সন্ধিয়া৷ সাংস্কৃতিক সন্ধিয়াত অংশগ্ৰহণ কৰে ধুবুৰীৰ জনপ্ৰিয় কণ্ঠ শিল্পী নাজমূল হক আৰু আৰিফা আহমেদে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: