অসম

তালিবানক সমৰ্থন কৰি সামাজিক মাধ্যমত পোষ্ট দি গ্ৰেপ্তাৰ ২ যুৱক

সংবাদদাতা, বৰপেটা:- সম্প্ৰতি আফগানিস্থানত তালিবানৰ উত্থানৰ পিচতেই দেশজুৰি সামাজিক মাধ্যমত তালিবাণী সমৰ্থকৰ মন্তব্যৰ জোৱাৰ উঠা পৰিলক্ষিত হৈছে। এনে ঘটনাত হঠচকিত হৈ পৰিছে সচেতন-বৈদ্ধিক মহল। একেদৰে অসমতো ফেচবুক, হোৱাটছএপ আদি বিভিন্ন সামাজিক মাধ্যমত তালিবানৰ সমৰ্থনত বিভিন্নজনৰ মন্তব্যৰ জোৱাৰ উঠিছে। আৰু ইয়াক লৈ তৎপৰ হৈ পৰিছে আৰক্ষী প্ৰশাসন। উল্লেখ্য যে, তালিবানৰ সমৰ্থনত ফেচবুক বা আন সামাজিক মাধ্যমত মন্তব্য কৰা সকলৰ বিৰুদ্ধে বৰপেটাত আৰম্ভ হৈছে আৰক্ষীৰ অভিযান। ইতিমধ্যে বৰপেটাত দুই তালিবাণী সমৰ্থক গ্ৰেপ্তাৰ হোৱা ঘটনাই সকলো স্তৰৰ ৰাইজকে চিন্তান্বিত কৰি তুলিছে।

বৰপেটা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা দুই তালিবাণী সমৰ্থক হৈছে মাজিদুল ইছলাম আৰু ফাৰুক হুছেইন খান। মাজিদুল ইছলামৰ ঘৰ ৪৪ নং জনিয়া বিধানসভা সমষ্টিৰ কলগাছিয়া আৰক্ষী থানাৰ অন্তৰ্গত বালিকুৰি গাঁৱত আৰু ২৫ বছৰীয়া যুৱক মাজিদুলৰ পিতৃ ৰহমত উল্লাহ বুলি জানিব পৰা গৈছে। আনজন ফাৰুক হুছেইন খানৰ ঘৰ বৰপেটা থানা তথা ৪৭ নং চেঙা সমষ্টিৰ অন্তৰ্গত হাঁহচৰা গাঁৱত। ৩২ বছৰীয়া ফাৰুক হুছেইনৰ পিতৃৰ নাম আবুল হুছেইন খান বুলি জানিব পৰা গৈছে। তালিবানক সমৰ্থন কৰি চ’ছিয়েল মিডিয়াত (ফেচবুক) পোষ্ট কৰিছিল বৰপেটাৰ এই দুই যুৱকে। ইয়াৰ পিচতে বৰপেটা জিলাৰ আৰক্ষী অধীক্ষক অমিতাভ সিনহাৰ নিৰ্দেশ ক্ৰমে দুই তালিবাণী সমৰ্থকক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে।

সম্প্ৰতি দুই তালিবাণী সমৰ্থকৰ বিৰুদ্ধে আৰক্ষীৰ তদন্ত অব্যাহত আছে। আজি বৰপেটা জিলা অতিৰিক্ত আৰক্ষী অধীক্ষক প্ৰদীপ কুমাৰ শইকীয়াই সাংবাদিকক জানিব দি কয় যে, আফগানিস্থানৰ তালিবানক ফেচবুকত সমৰ্থন কৰা দুই যুৱকক ইতিমধ্যে আমি আটক কৰিবলৈ সমৰ্থ হৈছো। আৰু এই সংক্ৰান্তত কেছ এটা ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছো বুলি প্ৰকাশ কৰাৰ লগতে মজিদুল ইছলাম আৰু ফাৰুক খানক আটক কৰি সোধ পোছ পূৰ্ণোদ্যমে চলি থকা বুলিও আৰক্ষী বিষয়া শইকীয়াই জানিব দিয়ে। পৰবৰ্তী সময়ত এনে আপত্তিজনক মন্তব্য যিয়ে প্ৰদান কৰিব তেওঁলোকে আমাৰ পৰা সাৰি নাযাব বুলিও তেওঁ মন্তব্য কৰে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: