অসম

তালিবানক সমৰ্থন কৰি হাটশিঙিমাৰীত এজন গ্ৰেপ্তাৰ

সংবাদদাতা, মানকাচৰ: – তালিবানক সমৰ্থন কৰি ফেচবুক পোষ্ট কৰা হাটশিঙিমাৰীৰ ব্যক্তি এজনক আজি দক্ষিণ শালমাৰা আৰু খাৰুৱাবান্ধা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। শেহতীয়াকৈ আন্তঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত আফগানিস্তানত তালিবাণী শাসনৰ বাঘজৰী হাতলৈ অহাৰ সময়তে অসমতো ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰিছে। ইতিমধ্যে অসম আৰক্ষীৰ চাইবাৰ চেলৰ হাতত ৰাজ্যৰ ভিন্ন প্ৰান্তত কেইবাজনো লোক আটক হৈছে।

আজি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ খাৰুৱাবান্ধা আৰক্ষী চকীৰ অন্তৰ্গত ভীমা পাৰা গাৱৰ প্ৰায়ত খন্দকাৰ আব্দুছ ছাত্তাৰৰ পুত্ৰ খন্দকাৰ নুৰ আলম( ৫১)নামৰ ব্যক্তিজনে তেওঁৰ সামাজিক মাধ্যমত (Facebook)ত তালিবাণীক সমৰ্থন জনাই এটা পোষ্ট দিয়াৰ পিছতেই সমগ্ৰ জিলাখনত তোলা পাৰ লাগে। অসম আৰক্ষীৰ বিশেষ চাইবাৰ এক্সপাৰ্টৰ তথ্য মতে আৰু দক্ষিণ শালমাৰা আৰক্ষীয়ে আজি হাটশিঙিমাৰীৰ ভীমা পাৰাৰ নিজা বাসগৃহৰ পৰা

খন্দকাৰ নুৰ আলমক গ্ৰেপ্তাৰ কৰা হয় বুলি জানিব পৰা গৈছে। আৰক্ষীয়ে জানিব দিয়া মতে, ধৃত খন্দকাৰ নুৰ আলমৰ বিৰুদ্ধে ইতিমধ্যে দক্ষিণ শালমাৰা আৰক্ষীয়ে ভাৰতীয় দণ্ড বিধিৰ অধীনত 120(B)/153(A)(1)(a)/153(B)(1)(a)/153(B)(1)(c)/298/505(1)(b)(c)/505(2) R/W sec 39 of the Unlawful activities (prevention) Act, 1967 ধাৰাত ২৮৭ নম্বৰ গোচৰ ৰুজু কৰা হৈছে। আজি ধৃত খন্দকাৰ নুৰ আলমক আৰক্ষীয়ে ধুবুৰী জেল হাজোত লৈ প্ৰেৰণ কৰিছে বুলি জানিব পৰা গৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: