ৰাষ্ট্ৰীয়

তালিবানৰ সমৰ্থনত অৰ্ণৱ গোস্বামীৰ ৰিপাব্লিক টিভিৰ টুইট

অৰ্ণৱ গোস্বামী আৰু চেনেলটোৰ বিৰুদ্ধে ৰুজু হ'বনে UAPA অধীনত গোচৰ ?

ভাৰতত স্বঘোষিত ‘জাতীয়তাবাদী’ নিউজ চেনেল ‘ৰিপাব্লিক টিভি’য়ে আফগানিস্তানৰ নিষ্ঠুৰ তালিবান শাসনক সমৰ্থন কৰাৰ টুইট সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। ৰিপাব্লিক টিভি আৰু চেনেলটোৰ মুখ্য সম্পাদক অৰ্ণৱ গোস্বামীয়ে টুইটাৰত #RepublicWithTaliban হেচটেগ ব্যৱহাৰ কৰি একপ্ৰকাৰে তালিবানৰ প্ৰতি সমৰ্থন আগবঢ়াইছে।

ছ’চিয়েল মিডিয়াত প্ৰতিক্ৰিয়াৰ সন্মুখীন হোৱাৰ পিছত, চেনেলটোৱে ইয়াৰ টুইটাৰ হেণ্ডেলৰ পৰা টুইটটো বিলোপ কৰে, কিন্তু নেটিজেনসকলে টুইটটোৰ স্ক্ৰীণশ্বট ৰাখি সামাজিক মাধ্যমত চেনেলটো আৰু অৰ্ণৱ গোস্বামীক সমালোচনাৰে ঠকা-সৰকা কৰিছে।

ইফালে, নেটিজেনসকলে “তালিবানক সমৰ্থন” কৰাৰ বাবে অৰ্ণব গোস্বামী আৰু ৰিপাব্লিক টিভিৰ কৰ্মচাৰীসকলক গ্ৰেপ্তাৰ কৰাৰ দাবী আৰম্ভ কৰিছে। ইতিমধ্যে যিহেতু শনিবাৰে অসম আৰক্ষীয়ে ছ’চিয়েল নেটৱৰ্কিং ছাইট ফেচবুকত তালিবানপন্থী পোষ্টৰ অভিযোগত ১৪ জন লোকক গ্ৰেপ্তাৰ কৰিছে,

গতিকে অৰ্ণৱ গোস্বামী আৰু চেনেলটোৰ বিৰুদ্ধে অনাগত দিনত কি পদক্ষেপ লৈ সেয়াও হ’ব লক্ষণীয়।‌ এই ১৪ জন লোকক সন্ত্ৰাসবাদ বিৰোধী আইন – বেআইনী কাৰ্যকলাপ প্ৰতিৰোধ আইন (ইউএপিএ)ৰ অধীনত অভিযুক্ত কৰা হৈছে। তেওঁলোকক অপৰাধমূলক ষড়যন্ত্ৰ আৰু ধৰ্মীয় অনুভূতিক আঘাত কৰাৰ বাবে বিভিন্ন আইপিচি ধাৰাৰ অধীনত অভিযুক্ত কৰা হৈছে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: