অসম

তিতাবৰ নগাবাট, বেকাজান সীমান্তত ক’ভিড সজাগতা সভা

সংবাদদাতা, বৰহোলা: আজি তিতাবৰ শিক্ষাখণ্ডৰ অন্তৰ্গত নগাবাট আৰু বেকাজান শৈক্ষিক মণ্ডলৰ বহুকেইখন প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীয়ে  যোৰহাট  জিলা উপায়ুক্তৰ আহ্বানক্ৰমে কভিড বিধি মানি চলি  দিনৰ ১০.৩০ বজাৰপৰা তিতাবৰ অসম-নগালেণ্ড সীমান্তৱৰ্তী নগাবাট, বেকাজান, পানীখেতি,

চেনীজান,চুমৈমাৰী ইত্যাদি গ্ৰামাঞ্চলৰ শিক্ষাৰ্থী আৰু সৰ্বসাধাৰণ ৰাইজৰ মাজত ক’ভিড-১৯ মহামাৰীৰ বিৰুদ্ধে সজাগতামূলক কাৰ্যসূচী ৰূপায়ণ কৰে। এই সজাগতামূলক প্ৰচাৰ কাৰ্যসূচীৰ পৰিচালনা কৰে মণ্ডলটোৰ সমল কেন্দ্ৰ সমন্বয়ক দেৱজিৎ দাসে। কাৰ্যসূচীত উপস্থিত থাকে শিক্ষক, সমাজকৰ্মী সত্যজিৎ

যাদৱ,হেমচন্দ্ৰ গগৈ, মুনমী গগৈকে আদি কৰি বহুকেইজন শিক্ষক-শিক্ষয়িত্ৰীৰ লগতে অঙ্গনবাড়ী কেন্দ্ৰৰ নিৰীক্ষক,স্থানীয় আশা কৰ্মী,গাঁওবুঢ়া আৰু গাঁওৰক্ষী বাহিনীৰ লোকসকল। শৈক্ষিক মণ্ডলটোৰ শিক্ষক-শিক্ষয়িত্ৰী  আৰু স্থানীয় প্ৰতিনিধিসকলৰ এনে পদক্ষেপক প্ৰশংসা কৰিছে অঞ্চলটোৰ সচেতন ৰাইজে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: