অসম

তিনিচুকীয়াৰ এলাহাবাদ বেংকত ক’ভিড প্ৰ’টকল ধূলিস্যাৎ একাংশ গ্ৰাহকৰ

সংবাদদাতা, তিনিচুকীয়া : দিনক দিনে ৰাজ্যত ক’ভিড-১৯ য়ে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ সময়তে ৰাজ্য চৰকাৰে দিয়া নিৰ্দেশনা অনুসৰি পুৱা ৫ বজাৰ পৰা দিনৰ ১২ বজালৈ খোলা আছে সকলো। ইয়াৰ মাজতে তিনিচুকীয়া জিলাৰ মাজমজিয়াত থকা এলাহাবাদ বেংকত

ৰাইজে ক’ভিড প্ৰটক’ল অমান্য কৰি অত্যাধিক ভীৰ কৰা কাৰ্যই চিন্তিত কৰিছে সচেতন ৰাইজক৷ জিলাখনৰ মাজ মজিয়াত থকা এলাহাবাদ বেংকৰ শাখাটোৰ সন্মুখত ৰাইজৰ শাৰি দেখিবলৈ পোৱা গৈছে। ক’ভিড-১৯ৰ প্ৰটকল সম্পূৰ্ণৰূপে ভংগ কৰি গ্ৰাহকসকলে কৰা এনে ভিৰে এতিয়া

অধিক আতংকিত কৰিছে তিনিচুকীয়াবাসীক। উল্লেখ্য যে, তিনিচুকীয়াত ক’ভিডত আক্ৰান্ত হৈ দৈনিক বহু লোকৰ মৃত্যু ঘটিছে যদিও কানসাৰ নাই একাংশৰ। সামাজিক দূৰত্ব নমনা এনে দায়িত্বজ্ঞানহীন গ্ৰাহকৰ দ্বাৰা তিনিচুকীয়াত গণ সংক্ৰমণ ৰূপ

লোৱাৰ আশংকাই দেখা দিছে। বেংকৰ কৰ্মচাৰী সকলেও কোনো ধৰণৰ ব্যৱস্থা লোৱা দেখা নগ’ল গ্ৰাহক সকলৰ ওপৰত। তিনিচুকীয়া আৰক্ষীয়ে এইসমূহ লোকৰ ওপৰত ব্যৱস্থা গ্ৰহণৰো দাবী জনাইছে তিনিচুকীয়া সচেতন নাগৰিক সকলে।

Show More

Leave a Reply

Your email address will not be published. Required fields are marked *

Back to top button
%d bloggers like this: